তেতেলিৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ আঞ্জাত দি , জেলী বনাই, চাতনী বনাই, চৰ্বত বনাই, অকনমান নিমখ তেল সানি ভাতৰ লগত খোৱা হয়। তেতেলিৰ পৰা ঔষধ আৰু নানা ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁতে ফ্লেভাৰ হিচাবে ব্যৱহাৰ কৰা হয়। আজৰি সময়ত তেতেলি দুগাগাঁঠিমান চোবাই খাই বৰ ভাল লাগে । আগৰ দিনত অসমীয়া মানুহে প্ৰায়েই তেতেলি খাইছিল কাৰণে গলব্লাডাৰ ষ্টন বেছিকৈ হোৱা নাছিল। আজিকালি খাবলৈ এৰি দিয়া কাৰণে ভাৰতৰ ভিতৰত গলব্লাডাৰ ষ্টন ৰোগী অসমত সৰ্বাধিক। তেতেলিত টাৰটাৰিক এচিভ থাকে আৰু ই আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে ৷বসন্তকালৰ পৰা বজাৰত ভাল পকা তেতেলী পোৱা যায়৷ কেঁচা আৰু পকা তেতেলী দুয়োটা শৰীৰৰ বাবে উপকাৰী ৷ ই শৰীৰক গৰমৰ তীব্ৰতাৰ পৰা শীতল কৰি ৰাখে৷ ইয়াৰ বাহিৰেও তেতেলীৰ আন গুণাগুণ আছে৷তেতেলীত থকা পটাছিয়ামে ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ নিয়ন্ত্ৰণ কৰে৷ ই শৰীৰত তৰলৰ ভাৰসাম্য বজাই ৰাখে৷ তেতেলীৰ আইৰণে শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰে৷ তেজৰ প্ৰবাহ ঠিক কৰি ৰাখে।আপুনি যদি তেতেলী এটা সীমাৰ ভিতৰত খায় তেন্তে ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। তেতেলী পটাছিয়ামৰ লগতে মেগনেছিয়ামৰো ভাল উৎস যিয়ে ৰক্তচাপৰ সংখ্যা সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত ফ্লেভন’ইডৰ দৰে পলিফেনল থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।তেতেলীত বহুতো গুণ আছে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে। ভিটামিন চি, এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড, কেৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভাল বুলি বিবেচিত হয়। ইয়াৰ ফলত চৰ্দি, কাহ, জ্বৰৰ সম্ভাৱনা কম হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *