অমিতাৰ উপকাৰীতাৰ বিষয়ে জানেনে

আমি সকলোৱে জানো যে অমিতা শৰীৰৰ বাবে কিমান উপকাৰী ৷ অমিতাই মানৱ শৰীৰত যথেষ্ঠ উপকাৰো সাধন কৰে ৷ ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে অমিতা খোৱাটো উত্তম ৷ ইয়াৰ উপৰিও ই ছালৰ বহুতো উপকাৰিতা সাধন কৰে ৷ শৰীৰৰ বহু সমস্যাৰ ক্ষেত্ৰত অমিতা কোনো ঔষধতকৈ কম নহয় ৷ অমিতাত ফাইবাৰ আৰু এনজাইম পেপেইন পোৱা যায়। যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু ইয়াক বেছিকৈ খালে আপোনাৰ পাচনতন্ত্ৰ নষ্ট হ’ব পাৰে। যাৰ বাবে ডায়েৰিয়াৰ দৰে সমস্যা হ’ব পাৰে।পেপেইন নামৰ এটা মৌল অমিতাত পোৱা যায় ৷ অতিমাত্ৰা পেপেইন সেৱন কৰিলে শৰীৰত খজুৱতি, ফুলা, ফোঁহা, মূৰৰ বিষ, এলাৰ্জী আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে প্ৰয়োজন অনুসৰিহে খাব লাগে ৷অমিতাত প্ৰাকৃতিক যৌগ পোৱা যায়। যিসকল লোকৰ ব্লাড চুগাৰৰ মাত্ৰা কম হোৱাৰ সমস্যা আছে তেওঁলোকে অমিতা খাব নালাগে। কাৰণ অমিতাই ইনচুলিন বৃদ্ধি কৰে, যাৰ ফলত তেজৰ চেনিৰ পৰিমাণ অতি কম হৈ পৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *