এইবিধ খাদ্যই বহু বেমাৰৰ পৰা দিয়ে পৰিত্ৰাণ

আনাৰস এক পুষ্টিকৰ ফল। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ পৰা দূৰত ৰাখে। গতিকে আনাৰস খালে কি কি সমস্যা কম হ’ব পাৰে সেয়া জনা দৰকাৰ।আনাৰস হৈছে পুষ্টিৰে ভৰপূৰ ফল, যিয়ে হজমশক্তি উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, আৰু ভিটামিন চি, মেংগানিজ আদি দি শৰীৰক শক্তি যোগায়; ই বমি, পেটৰ কৃমি, ডিঙিৰ সংক্ৰমণ, আৰু উচ্চ তাপত উপকাৰী, লগতে গ্ৰীষ্মকালত দেহক ঠাণ্ডা ৰাখে।

আনাৰসৰ উপকাৰিতা সমূহ হ’ল—–

হজম সহায়ক: ইয়াত থকা ব্ৰোমেলেন নামৰ উৎসেচকে (enzyme) হজমশক্তি বঢ়ায় আৰু বদহজম কমায়।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন চি আৰু মেংগানিজ সমৃদ্ধ হোৱাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
পেটৰ কৃমি: নিয়মীয়াকৈ খালে পেটৰ ক্ষুদ্ৰ কৃমি মাৰিবলৈ সহায় কৰে (খালি পেটত নাখাব)।
ডিঙি আৰু মুখৰ সংক্ৰমণ: ডিঙি আৰু মুখৰ বেক্টেৰিয়াজনিত ৰোগত উপকাৰী।
তাপ আৰু ঘাম: আনাৰসৰ ৰস খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নাইকিয়া হয়।
স্কাৰ্ভি ৰোগ: ভিটামিন চি-ৰ অভাৱজনিত স্কাৰ্ভি ৰোগত ই উপকাৰী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *