বহু গুণৰে সমৃদ্ধ সকলোৰে প্ৰিয় আলু

আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ। জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা কৰিব পাৰো।আলুয়ে হাইপাৰ পিগমেণ্টেচন প্ৰতিহত কৰে। আলুত থকা কেট চোলাচা নামৰ এনজাইমে ছাললৈ সতেজতা আৰু উজ্জ্বলতা অনাৰ লগতে মুখত ডাঠ দাগ দূৰ কৰাত সহায় কৰে।মুখত আলু আৰু কণীৰ ফেচপেক প্ৰয়োগ কৰিলে মুখৰ ছাল প্ৰসাৰিত হয় আৰু ছাললৈ যৌৱন ঘূৰি আহে। ইয়াৰ বাবে এটা কণীৰ বগা অংশ আধা আলুৰ ৰসত ভালদৰে মিহলি কৰি আধা ঘণ্টাৰ বাবে মুখত প্ৰয়োগ কৰিব। ই মুখত বয়সৰ চাপ পৰা সমস্যা দূৰ কৰে। উল্লেখ্য যে, আলুৰ ব্যৱহাৰে চকুৰ চাৰিওফালৰ ফুলা হ্ৰাস কৰাত সহায় কৰে। আলুৰ বাকলিবোৰে চুলিৰ ৰং ক’লা ৰাখে। ইয়াৰ বাবে আপুনি আলুৰ বাকলিবোৰ পানীত উতলাই ঠাণ্ডা কৰি ছেম্পু কৰাৰ পিছত সেই পানীৰে মূৰ ধুব।সেয়েহে, ছালৰ প্ৰায় সকলো সমস্যা সমাধানত আলুক অতি উপকাৰী বুলি বিবেচনা কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *