বসন্ত ঋতুৰ পিচতে এতিয়া গ্ৰীষ্ম ঋতুৱে ভুমুকি মাৰিছেহি ৷ বৰ্তমান এই বতৰত সাধাৰণতে বিভিন্ন ধৰণৰ ৰোগৰ কাৰক হৈ পৰে ৷ এইসময়ত বতাহত নানা ধৰণৰ বীজাণুৰ উপস্থিতিয়ে নানান সংক্ৰমণজনিত ৰোগৰ সৃষ্টি কৰে ৷ কাহ, জ্বৰ, চৰ্দি, বসন্ত ৰোগ আদি বিভিন্ন ধৰণৰ ৰোগে আমাক অশান্তি দিয়ে ৷ তাতে বৰ্তমান সময়ত চাৰিওফালে ক’ৰনাৰ (corona virus) আতংক ৷ যিসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে কম তেওঁলোক সততে যিকোনো ৰোগত আক্ৰান্ত হয় ৷ বিশেষকৈ বয়সস্থ লোকসকল এইক্ষেত্ৰত অলপ সজাগ হোৱা উচিত ৷ যিসকল ব্যক্তিৰ এলাৰ্জিৰ সমস্যা বা শ্বাস প্ৰশ্বাসজনিত সমস্যা আছে তেওঁলোকেও বহু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত ৷বাহক তিতাৰ ৰস কক্ষ নি:সাৰক আৰু আক্ষেপ নিবাৰক। শ্বাস, কাঁহ, বায়ু নলীভুজ প্ৰদাহ আৰু জ্বৰ আদি ৰোগত ব্যৱহাৰ কৰিব পাৰি। যক্ষ্মা ৰোগৰ বাবেও বাহক তিতাৰ ৰস ফলদায়ক। বাহক গছৰ সকলো অংশই তিতা আৰু সুগন্ধি। শিপাত আক্ষেপ নিবাৰক গুণ আছে বুলি বহুতে ভাবে। সেইবাবে শ্বাস, কাহ আৰু পৰ্য্যায় জ্বৰত শীত উপশমৰ বাবে ব্যৱহাৰ কৰা হয়।
ইয়াৰ ঔষধি গুণ এনেধৰণৰ-বায়ুজনক, জ্বৰ বৰ্ধক, তিতা, কেহা ৰসযুক্ত, হৃদয়গ্ৰাহী লঘু আৰু শীতবীৰ্য। কফ্, ৰক্তপিত, তৃষ্ণা ৰোগ শ্বাস, কাহ, জ্বৰ, বমি প্ৰমেহ, কুষ্ঠ আৰু ক্ষয় আৰু আদি ৰোগনাশক। এইবিধ গছৰ পাতৰ ৰস দুই প্ৰকাৰে উলিয়াব পাৰি। কেঁচাই বটি কলপাতত মেৰিয়াই চেপি ৰস উলিয়াবও পাৰি। কেঁচা ৰসৰ বেছি ফল পোৱা যায়।
ৰক্তপিত্ত, ক্ষয় আৰু কাহ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে কোনো শংকা নাই। ই উৎকৃষ্ট দৰৱ।
চৰ্দি কাহ, হুপিং কাহ, শ্বাস, দুধঘাই আদি ৰোগত বাহকৰ পাতৰ ৰস অতি গুণকাৰক। সৰু ল’ৰা-ছোৱালীক বাহকৰ পাতৰ ৰস দুই অনাৰ পৰা চাৰি অনালৈকে খুৱাব পাৰি। ৰসৰ লগত অলপ পিপালিৰ গুড়ি হ’লে অধিক ফলদায়ক হয়। আদাৰ ৰসৰ লগত বাহকৰ ৰস মিহলাই আধা তোলা বা এক তোলা পৰিমাণে খুৱাই দিলে বমি বন্ধ হয়।
ৰক্তপিত্ত আৰু ক্ষয় ৰোগত মুখেৰে তেজ পৰিলে বাহকৰ পাতৰ ৰস নাইবা কহ নিয়মিত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
বাহকৰ পাৰ আৰু চেনি বটি লেপ লগালে ফোঁহা আদি বহি যায় বা ফাটি তেজ, পুজ ওলাই কষ্ট নিবাৰণ কৰে। বাহকৰ সমস্ত অংশ কুটি থেতেলিয়াই গৰম পানীত চাহৰ নিচিনাকৈ প্ৰক্ষেপ কৰি ঠাণ্ডা হ’লে তাৰ লগত চেনি মিহলাই নিয়মিত ব্যৱহাৰ কৰিলে কাহ আৰু ৰক্তপিত্ত ৰোগত উপকাৰ হয়। বাহকৰ ৰস মৌৰ লগত ব্যৱহাৰ কৰিলে জ্বৰ, কাহ আৰু ৰক্তপিত্ত নিবাৰণ হয়।টাইফইড, মেলেৰিয়া আদি যিকোনো ধৰণৰ জ্বৰত তিতাফুল উত্তম পথ্য ৷
তিতাফুলে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশনত সহায় কৰে ৷ সেয়েহে বিভিন্ন লিভাৰজনিত ৰোগত তিতাফুল উপকাৰী ৷
তিতাফুল ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী ৷ ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে তিতাকেৰেলাৰ দৰে অন্য তিতা খাদ্যৰ নিচিনাকৈ তিতাফুল খাব পাৰে ৷