আপুনি কোনবিধ গাজৰ খাই ভাল পাই

হালোৱা হওক বা তৰকাৰী আমি সদায় ৰঙা ৰঙৰ গাজৰ ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে গাজৰৰ এটা প্ৰকাৰ আছে যিটোৰ ৰংও ক’লা! ক’লা গাজৰ কেৱল খাবলৈ সুস্বাদু হোৱাই নহয়, ই স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী ৷ ইয়াক সুষম পৰিমাণে সেৱন কৰিলে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাই নহয়, ছাল আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰিব পাৰে ৷ক’লা গাজৰ হৈছে এক পাচলি য’ত কেলৰি কম হয়, ফলস্বৰূপে ই ওজন হ্ৰাস কৰাত অতি উপকাৰী । গৱেষণাই এইটোও প্ৰকাশ কৰিছে যে কলা গাজৰত থকা এণ্টিঅক্সিডেণ্টবোৰৰ কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়া গুণ আছে । ইয়াক আৰ্থ্ৰাইটিছ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ বিষৰ সৈতে যুঁজিবলৈও ব্যৱহাৰ কৰা হয় । ক’লা গাজৰৰ ৰস খালে চৰ্বিযুক্ত যকৃত, উচ্চ ৰক্ত শৰ্কৰা, উচ্চ বিপি আৰু হৃদযন্ত্ৰৰ পেশীৰ জঠৰতাৰ সমস্যাও আঁতৰ কৰিব পাৰে ।ইয়াত থকা এন্থ’চাইনিনে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ক’লা গাজৰৰ ৰস খালে ছাল উজ্জ্বল হয় আৰু দাগ কমায় ৷মন কৰিবলগীয়া যে, ক’লা গাজৰ বিশেষভাৱে কাঞ্জিৰ বাবে জনাজাত ৷ শীতকালত বিশেষকৈ হোলী উপলক্ষে দেশৰ বহু ঠাইত ক’লা গাজৰৰ কাঞ্জি তৈয়াৰ কৰা হয় ৷ এই কাঞ্জি ক’লা গাজৰৰ টুকুৰা, পানী, সৰিয়হ আৰু মছলা দি প্ৰস্তুত কৰা হয় ৷ সুস্বাদু হোৱাৰ উপৰিও ই হজম শক্তিও উন্নত কৰে ৷ কিন্তু কাঞ্জিৰ বাহিৰেও ইয়াক ৰস, চূপ আৰু চালাড আদি ৰূপতো ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ বাহিৰেও বহুতে ইয়াৰ আচাৰ বনায় ৷ক’লা গাজৰ ৰ খালে শৰীৰত কলেষ্টেৰলৰ স্তৰ কম হয় । গাজৰৰ ৰসও যথেষ্ট লাভান্বিত । ৰাতি খোৱাৰ সময়ত গাজৰৰ ৰস খালে স্বাস্হ্যৰ বাবে উপকাৰী ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *