গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ অভিযানত ধৰা পৰিল বিলাসী হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কাৰ্য ; ডেৰ লাখৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ

গুৱাহাটী মহানগৰীৰ একাংশ  বিলাসী হোটেল বা ৰেষ্টুৰেণ্টত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অতি অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰি   গ্ৰাহকক যোগান ধৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে পহিলা আগষ্টৰ দিনা সন্ধিয়া গুৱাহাটী পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ দলে চলোৱা এক  আকস্মিক অভিযানত। জানিব পৰা মতে পৌৰ  নিগমৰ সহকাৰী আয়ুক্ত  তৃষাণু বিমল বৰা আৰু কাৰ্যবাহী বিষয়া গীতাঞ্জলী পাঠকৰ নেতৃত্বত নিগমৰ স্বাস্থ্য বিভাগৰ এটি দলে গুৱাহাটী জি  এছ ৰোডৰ বিলাসী হোটেল ডায়াৰ্চ ৰন্ধনশাল পৰিদৰ্শন কালত এই দুস্কাৰ্য ধৰা পৰে।

কিয়নো ৰন্ধনশালটো ইমানেই লেতেৰা হৈ আছিল যে লেতেৰা পৰিবেশত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি গ্ৰাহকৰ খাদ্য প্ৰস্তুত কৰি যোগান ধৰা হৈছিল। ফলত নিগমৰ দলটোৱে অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ অপৰাধত হোটেলখনৰ পৰা ট্ৰেড লাইচেন্সৰ ধাৰা ভংগ কৰাৰ অপৰাধত ডেৰ লাখ টকা জৰিমনা বিহে। ইফালে বিৰুবাৰীৰ ভাৰত মাতা জলপান ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰাৰ অপৰাধত পাঁচ হাজাৰ টকা আৰু আশীষ ফাষ্ট ফুডৰ পৰা তিনি হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে।

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ একাংশ তথাকথিত বিলাসী হোটেল , ধাবা আৰু ৰেষ্টোৰেণ্টত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অধিক মুনাফা লাভৰ বাবে অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ লগতে নিম্নমানৰ খাদ্য সামগ্ৰীও কৌশলৰে গ্ৰাহকক যোগান ধৰি অহা অভিযোগ দীৰ্ঘদিনীয়া।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *