গুৱাহাটীত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীৰ  লখৰা বজাৰ শিৱ মন্দিৰ  আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত, কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়াৰ উদ্যোগত ১৯ আৰু ২৫ ছেপ্টেম্বৰত মাংস ব্যৱসায়ী সকলৰ মাজত পৰিষ্কাৰ – পৰিচন্নতা বিষয়ক এখনকৈ মুঠ দুখন  সজাগতা সভা অনুষ্ঠিত হয়।

কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়া ডাঃ নাৰায়ন চন্দ্র দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত মাংস ব্যৱসায়ী সকলে  কিদৰে পৰিষ্কাৰ-পৰিচন্নতাৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দি গ্ৰাহকক মাংস যোগান ধৰিব লাগে সেই বিষয়ে বিশদ বাখ্যা দাঙি ধৰে  কামৰূপ মহানগৰ  জিলাৰ পশুপালন বিষয়া ডাঃ বিজিত দেৱচৌধুৰী আৰু এছ পি চি এৰ কৰ্মকৰ্তা সকলে।

উল্লেখযোগ্য যে  সভাত  গুৱাহাটী পৌৰ নিগমৰ ২৪  নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধি , ২৫ নং ৱাৰ্ডৰ প্ৰাক্তন পাৰিষদ তথা  ওদালবাক্ৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী  অনন্ত ৰাভা ,কাহিলিপাৰা, দক্ষিণগাঁৱৰ  সমাজ সেৱক নকুল কলিতা , লখৰা বজাৰ পৰিচালনা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ তুমুং আৰু সম্পাদক পদ্ম ৰংপীকে ধৰি কেইবাজনো বিশিষ্ট লোক  উপস্থিত থাকে আৰু মাংস ব্যৱসায়ী সকলৰ মাজত জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰা বাবে জিলা পশুপালন বিষয়াক ধন্যবাদ জ্ঞাপন কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *