গুৱাহাটীত ভয়ংকৰ ঘটনা

গুৱাহাটী মহানগৰীত সংঘটিত এক জঘন্য ঘটনা। গণপ্ৰহাৰত প্ৰাণ গ’ল এজন যুৱকৰ, ইয়াৰ বিপৰীতে আন এজন যুৱক এতিয়াও জীৱন-মৃত্যুৰে যুঁজি আছে। পাণবজাৰত সংঘটিত হোৱা এই কাণ্ডই বহু প্ৰশ্ন উত্থাপন কৰিছে।জানিব পৰা মতে চুৰিৰ অভিযোগত একাংশ লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। এই প্ৰহাৰৰ ফলতেই এজনে মৃত্যুক সাৱতি লয় আৰু আন এজন বৰ্তমান আই চি ইউত ভৰ্তি হৈ আছে। এই সমগ্ৰ ঘটনাই মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপত অভিযুক্ত দুই চোৰক উত্তম মাধ্যম সোধাই একাংশই। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ৪টাকৈ চোৰে ঠাইখিনিত অত্যাচাৰ চলাই আছিল। পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলাই গৈছিল চুৰি কাণ্ড। সেই চুৰিৰ সন্দেহতে শুকুৰবাৰ (৮ আগষ্ট)য়ে স্থানীয় একাংশ ৰাইজ আৰু ব্যৱসায়ীয়ে দুজন যুৱকক চোৰৰ সন্দেহত আটক কৰে। তাৰ পাছতে আৰম্ভ কৰ গণ প্ৰহাৰ। ইমানেই নহয়, মানৱীয়তাৰ সীমা অতিক্ৰম কৰি মুমূৰ্ষ অৱস্থাত পেলাই দিয়ে নলাত। সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ থকা যুৱকজনৰ নাম দীপাংকৰ হাজৰিকা বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ মৰিগাঁৱত। পেচাত তেওঁ এজন ৰং মিস্ত্ৰী। ইফালে এই ঘটনাত মৃত্যুক সাৱতি লৈছে এজনে। এতিয়ালৈকে চিনাক্ত হোৱা নাই যুৱকজনৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *