দীপৰ বিল ত জিএমচিৰ অবৈধ ডাম্পিং গ্ৰাউণ্ড

গুৱাহাটী পৌৰ নিগমে (জিএমচি ) দীপৰ  বিলৰ পাৰত শেহতীয়াকৈ অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ জাৱৰ – যৌথৰ আৰু গেলা পঁচা , দূষিত আৱৰ্জনা পেলোৱাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত দীপৰ বিলৰ সংৰক্ষণৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা ৰংমন ট্যুৰিজিম ছ’চাইটিৰ কৰ্মকর্তা ক্ৰমে প্ৰমোদ কলিতা , পৱন কলিতা (বিৰাজ), কন্দৰ্প কলিতা , অখিল ৰংপীয়ে জানিবলৈ দিয়া মতে দীপৰ বিলখনক  বিজ্ঞানসন্মতভাৱে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰি সংৰক্ষণ কৰিবৰ বাবে ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণ চমুকৈ এন জি টিয়ে জি এম চিক ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল বিগত মে মাহত।

প্ৰসংগ “ডাম্পীংগ্ৰাউণ্ড” আগতে দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাওঁত জাৱৰ পেলাইছিল। এতিয়াও পশ্চিম বৰাগাওঁৰ” বেলৰআলিৰ” হাউছফেদৰ ওচৰত পেলোৱা আৰম্ভ কৰিছে। আগৰ স্থানৰ পৰা প্ৰায় ১-১:৫ কিঃমিঃ মাত্ৰ। যিটো অঞ্চলত পেলাইছে “ECO SENSITIVE ZONE”। দ্বিতীয়টে বৰ্তমানৰ Dumping Ground টো  জলাশয় সদৃশ এতিয়াও তাত পানীৰ দলনি আছে। তৃতীয়তে  এই পানী ‘পামহী নলাৰ” লগ লাগি আছে আৰু এই পামহী নলা “দীপৰ বিলৰ” লগ লাগি আছে আৰু ইয়াৰ কিছু নিলগত মানুহৰ বসতি। এতিয়া প্ৰশ্ন হয় আগত যিদৰে দীপৰ বিলৰ প্ৰদুষনৰ কাৰণে “ৰাষ্ট্ৰীয় সেউজ নীয়্যাধীকৰনে”(NGT) পশ্চিম বৰাগাওঁৰ আগৰ Dumping Ground বন্ধ কৰিছিল এতিয়াও সেই পশ্চিম বৰাগাওঁতে কিছু আঁতৰত Dumping Ground কৰাতোঁ কিমান গ্ৰহণ যোগ্য।

দীপৰ বিলৰ সমীপত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধীতা জন্মলগ্নৰে পৰাদীপৰ বিলৰ উন্নয়ন , সংৰক্ষণ , সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ  কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে কাম কৰি অহা ৰংমন ট্যুৰিজিম চছাইটিৰ। সংগঠনটোৰ প্ৰতিস্থাপক প্ৰমোদ কলিতাৰ নেতৃত্বত এটা দলে প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ডৰ স্থান পৰিদৰ্শন কৰি চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *