কুকুৰে খোৱা খাদ্য খাবলৈ দিয়া হ’ল ছাত্ৰ-ছাত্ৰীক

এক চাঞ্চল্যকৰ ঘটনা। কুকুৰে খোৱা খাদ্য খাবলৈ দিয়া হ’ল ছাত্ৰ-ছাত্ৰীক। এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। এই সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।কৰ্তৃপক্ষৰ ভুলৰ বাবে চৰকাৰী বিদ্যালয়খনৰ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জলাতংক প্ৰতিৰোধী বেজী ল’বলগীয়া হয়। জানিব পৰা মতে, বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক দিয়া মধ্যহ্ন ভোজনৰ খাদ্য এটা পদপথৰ কুকুৰে খাইছিল। এই কথা কৰ্তৃপক্ষই জানিছিল যদিও সেই খাদ্য ছাত্ৰ-ছাত্ৰীক খাব দিছিল। বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে নিৰাপত্তাৰ কথা মনত ৰাখি শিশুসকলক জলতাংক প্ৰতিৰোধী বেজী দিয়া হয়।জানিব পৰা মতে, চত্তীশগড়ৰ বলোদাবজাৰৰ পালাৰী ব্লকৰ লাচ্চনপুৰত অৱস্থিত চৰকাৰী মধ্যবিদ্যালয়ত এই ঘটনা সংঘটিত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *