অসমৰ অৰ্থনীতি আৰু ঐতিহ্যৰ মেৰুদণ্ড স্বৰূপ চাহ উদ্যোগৰ সৈতে জড়িত লাখ লাখ শ্ৰমিকৰ জীৱনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ভূমিপট্টা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ পিছত এইবাৰ চাহ শ্ৰমিকসকলৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘এটি কলি দুটি পাত’ নামৰ এক বিশেষ আঁচনি ঘোষণা কৰিছে। মঙলবাৰে সামাজিক মাধ্যম এক্সযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিজন চাহ শ্ৰমিকে ৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য লাভ কৰিব।
প্ৰায় ৬ লাখ চাহ শ্ৰমিকক সামৰি ল’বলগীয়া এই অভিলাষী আঁচনিখনে শ্ৰমিক পৰিয়ালসমূহৰ আৰ্থিক ভেটি শক্তিশালী কৰাত বিশেষ ভূমিকা ল’ব। উল্লেখ্য যে শেহতীয়া বিধানসভা অধিৱেশনত চৰকাৰে চাহ বাগানৰ লাইনত বসবাস কৰা শ্ৰমিকসকলক ভূমিপট্টা প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰক্ৰিয়াৰ মাজতে এই আৰ্থিক সাহায্যৰ ঘোষণাই চাহ জনজাতিক অধিক উৎসাহিত কৰি তুলিছে। বহু দশক ধৰি নিজৰ বাসভূমিৰ আইনী অধিকাৰৰ পৰা বঞ্চিত হৈ থকা শ্ৰমিকসকলৰ বাবে ভূমিপট্টা প্ৰদানৰ সিদ্ধান্তই সামাজিক সুৰক্ষা আৰু বেংক ঋণৰ দৰে সুবিধা লাভৰ পথ প্ৰশস্ত কৰিছে।
চৰকাৰৰ এই পদক্ষেপক চাহ জনজাতীয় সংগঠনসমূহেও উষ্ম আদৰণি জনাইছে। অসম চাহ জনজাতি ছাত্ৰ সংস্থাৰ (আটছা) তেজপুৰ শাখাৰ সভাপতি পংকজ নায়কে এই ঘোষণাক ঐতিহাসিক আখ্যা দি কয় যে ভূমিপট্টা আৰু আৰ্থিক সাহায্যই চাহ শ্ৰমিক সমাজৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ দিশত চৰকাৰৰ সদিচ্ছা প্ৰতিফলিত কৰিছে। নতুন বছৰৰ আৰম্ভণিতে চৰকাৰে গ্ৰহণ কৰা এই জনকল্যাণমূলক সিদ্ধান্তই ৰাজ্যৰ চাহ বাগানসমূহত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে।
