ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ তীব্ৰ অভিযানঃ দুই উপত্যকাত ৯.২ কোটি টকাৰ ড্ৰাগছ জব্দ

ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে পুনৰ এক সফলতা লাভ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী। ৰাজ্যৰ দুখনকৈ জিলা চিৰাং আৰু কাছাৰত চলোৱা এক সমন্বিত অভিযানত আৰক্ষীয়ে জব্দ কৰে ৯.২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী। এই সৰবৰাহৰ সৈতে জড়িত ৩ জনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই বৃহৎ সফলতাৰ কথা ৰাজহুৱা কৰে।

অভিযানৰ সবিশেষ তথ্য অনুসৰি, চিৰাং জিলাৰ বিজনী অঞ্চলৰ পৰা আৰক্ষীয়ে ৪.৫ কোটি টকা মূল্যৰ নিষিদ্ধ ইয়াবা টেবলেট উদ্ধাৰ কৰে। এই ঘটনাত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। থাইলেণ্ডত ‘ক্ৰেজি মেডিচিন’ হিচাপে পৰিচিত এই মাৰাত্মক ড্ৰাগছ বিধে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ চৰম ক্ষতি সাধন কৰে। ইফালে কাছাৰ জিলাত চলোৱা এক পৃথক অভিযানত আৰক্ষীয়ে ৪.৭ কোটি টকা মূল্যৰ ৯৪৭ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। মুঠ ৮৫ টা চাবোনৰ বাকচৰ পৰা এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি উদ্ধাৰ কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক— দুয়োখন উপত্যকাতে চলোৱা এই সফল অভিযানে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতি প্ৰদৰ্শন কৰিছে।

ৰাজ্যজুৰি চলি থকা এই অভিযানৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “ব্ৰহ্মপুত্ৰ উপত্যকাতো ধৰা পৰিল, বৰাক উপত্যকাতো ধৰা পৰিল! ভিন্ন উপত্যকা হ’লেও আমাৰ সংকল্প একেই।” আৰক্ষীয়ে ইতিমধ্যে ধৃত ব্যক্তিসকলৰ বিৰুদ্ধে যাৱতীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে এই বৃহৎ চক্ৰৰ নেটৱৰ্কক লৈ তদন্ত অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *