ডিফুৰ ৰে’ল যাত্ৰীৰ বাবে সুখবৰ; পাহাৰীয়া জিলাখনত এতিয়াৰে পৰা ৰ’ব ৰাজধানী এক্সপ্ৰেছ

ডিফুৰ লগতে কাৰ্বি আংলং জিলাৰ ৰে’ল যাত্ৰীসকলৰ বাবে আহিছে এক অতি আনন্দৰ খবৰ। জনপ্ৰিয় ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ বাবে ডিফু ৰে’ল ষ্টেচনত শনিবাৰে আনুষ্ঠানিকভাৱে এটা নতুন আস্থান বা ষ্টপেজ মুকলি কৰা হয়। পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ৰে’ল মন্ত্ৰালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

এই উপলক্ষে দেওবাৰে ডিফু ৰে’ল ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থানীয় সাংসদ অমৰসিং তিছ’ৱে অতিথি হিচাপে উপস্থিত থাকি ৰাজধানী এক্সপ্ৰেছৰ এই নতুন আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানটোত ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এই নতুন আস্থানটোৰ ফলত ডিফু আৰু ইয়াৰ সমীপৱৰ্তী পাহাৰীয়া অঞ্চলৰ বাসিন্দা, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী তথা পৰ্যটকসকলৰ বাবে নতুন দিল্লীৰ দৰে দূৰৱৰ্তী স্থানলৈ যাত্ৰা কৰাটো এতিয়া পূৰ্বতকৈ বহু সহজ আৰু আৰামদায়ক হৈ পৰিব। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা এই দ্ৰুতবেগী ৰে’লখনত আস্থান লাভৰ বাবে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল।

ৰে’ল যাত্ৰীসকলৰ লগতে স্থানীয় পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলেও ৰে’ল বিভাগৰ এই পদক্ষেপক আদৰণি জনাইছে। তেওঁলোকৰ মতে, ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ দৰে এক অভিজাত ৰে’লৰ আস্থানে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু যাতায়াতৰ সুচলতাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা পালন কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *