ৰাজ্যৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ চাহ উদ্যোগলৈ সুদীৰ্ঘ ২৫ বছৰৰ পাছত এক অভূতপূৰ্ব সফলতা আহিছে বুলি আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে দিছপুৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে শেহতীয়া বছৰটোত অসমৰ পৰা চাহ ৰপ্তানিৰ পৰিমাণ ৪০ নিযুত কিলোগ্ৰাম বৃদ্ধি পাইছে, যিটো ৰাজ্যৰ এই ধ্বজাবাহী উদ্যোগটোৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি। আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম চাহৰ প্ৰতি বিশ্ববাসীৰ পুনৰ আস্থা বৃদ্ধি পোৱাটো ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে জনায় যে অসমৰ সামগ্ৰিক চাহ উৎপাদন ৫০ নিযুত কিলোগ্ৰাম বৃদ্ধি পাইছে। বিশেষকৈ মুঠ উৎপাদনৰ প্ৰায় ৫০ শতাংশই হৈছে ‘অৰ্থডক্স’ চাহ, যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা আৰু উচ্চ মূল্য আছে। ইয়াৰ বিপৰীতে, একে সময়ছোৱাতে দক্ষিণ ভাৰতত চাহ উৎপাদন ১০ নিযুত কিলোগ্ৰাম হ্ৰাস পোৱা বুলিও তেওঁ উল্লেখ কৰে। চাহ উৎপাদনৰ লগতে অসম চাহৰ বিক্ৰীও ১৯ নিযুত কিলোগ্ৰাম বৃদ্ধি পাইছে, যিয়ে বজাৰৰ শক্তিশালী স্থিতিৰ ইংগিত দিছে।
অসমৰ অৰ্থনীতিৰ সৰ্ববৃহৎ নিয়োগকর্তা হিচাপে পৰিচিত চাহ উদ্যোগটোৰ এই পুনৰুত্থানৰ বাবে মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে অৰ্থডক্স চাহৰ শ্ৰেণীটোৱে বিশ্ব বজাৰত বিশেষ আদৰ লাভ কৰাৰ বাবে চাহ বাগানসমূহৰ লগতে গ্ৰাম্য অৰ্থনীতিও যথেষ্ট উপকৃত হ’ব। ২৫ বছৰৰ পাছত লাভ কৰা এই জিলিকনিয়ে ৰাজ্যৰ চাহৰ সৈতে জড়িত লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ পথ অধিক সুচল কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
