এক অনাকাংক্ষিত ঘটনা। জি এম চি এইচত বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। এই ঘটনাই চিকিৎসা মহাবিদ্য়ালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটি NICU ত ভৰ্তি হৈ আছিল।জানিব পৰা মতে, NICU ত এখন বিচনাতে ৰাখিছিল ৩-৪ টাকৈ নৱজাতক। তেতিয়াই এটি নৱজাতক বিচনাৰ পৰা পৰি ৰচীত ওলমি ৰয় আৰু লগে লগে মৃত্যু হয়। চিকিৎসা মহাবিদ্যালয়খলৰ প্ৰসূতি বিভাগৰ ৩নং মহলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।ঘটনাৰ পাছতে আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ড০ বৈশ্যই আৰু কয় যে, জি এম চি এইচত এয়া প্ৰথমটো ঘটনা। এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া জানিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা হৈছে। অধ্যক্ষগৰাকীয়ে কয় যে, এন আই চি ইউত অধিক শিশু ভৰ্তি হৈ থকাৰ বাবে এনে হ’ব পাৰে। ইয়াত ৮০ টা শিশু ৰখাৰ ক্ষমতা আছে যদিও ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি এখন বিচনাত দুটা বা তিনিটা নৱজাতক ৰাখিবলগীয়া হয়।উল্লেখ্য যে, এই ঘটনাই চিকিৎসা মহাবিদ্যালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে জনোৱা অনুসৰি, চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ হেমাহিৰ বাবে এনে কাণ্ড সংঘটিত হৈছে।
জি এম চি এইচত বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ
