হিমাচল প্ৰদেশৰ ধৰমশালাত এখন চৰকাৰী মহাবিদ্যালয়ৰ ১৯ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২৬ ডিচেম্বৰত লুধিয়ানাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ছাত্ৰীগৰাকীৰ মৃত্যু ঘটে। এই সন্দৰ্ভত বৃহস্পতিবাৰে তিনিজন ছাত্ৰীৰ বিৰুদ্ধে ৰেগিং আৰু এজন অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছে।
মৃত ছাত্ৰীগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰ অনুসৰি, যোৱা ১৮ ছেপ্টেম্বৰত মহাবিদ্যালয়ৰে হৰ্ষিতা, আকৃতি আৰু কমলিকা নামৰ তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰীয়ে তেওঁৰ কন্যাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। উল্লেখযোগ্য যে, একেটা সময়তে অশোক কুমাৰ নামৰ এজন অধ্যাপকেও ছাত্ৰীগৰাকীক অশ্লীল চৰিত্ৰৰ আচৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ধাৰাবাহিক নিৰ্যাতন আৰু শাৰীৰিক প্ৰহাৰৰ ফলতে ছাত্ৰীগৰাকী অসুস্থ হৈ পৰিছিল বুলি পৰিয়ালে দাবী কৰিছে।
গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীক লুধিয়ানাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সুদীৰ্ঘ চিকিৎসাৰ পাছতো তেওঁক বচাব পৰা নগ’ল। আৰক্ষীয়ে ইতিমধ্যে অধ্যাপকজন আৰু অভিযুক্ত তিনি ছাত্ৰীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।অন্যহাতে, মহাবিদ্যালয়ৰ ভিতৰত সংঘটিত এই জঘন্য কাণ্ডই এতিয়া ৰাজ্যখনৰ শিক্ষা খণ্ডৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।
