ৰাণীত বন্যহস্তীয়ে ভাঙি থৈ গ’ল গণেশ মন্দিৰ

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ মৈৰাপুৰ–মাজপাৰাত  পুৱতি নিশা এটি বন্যহস্তীয়ে গণেশ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰি দিয়ে। উল্লেখ্য যে গাঁওখনৰ ৰাইজে বন্যহস্তীৰ বাসভূমি হৈ পৰা মাহেন্দ্ৰী সংৰক্ষিত অঞ্চলৰ একাষে এটি গণেশ মন্দিৰ সাজিছিল। উক্ত মন্দিৰটোত গণেশ চতুৰ্থীৰ দিনটো বিশেষভাৱে পালন কৰাৰ লগতে বৰ্ষটোৰ বিভিন্ন সময়ত ৰাইজে পূজা–পাতল আগবঢ়াই আহিছিল।

মৈৰাপুৰ–মাজপাৰা গাঁৱৰ সভাপতি ৰমেশ দাসে জানিবলৈ দিয়া মতে, প্ৰধানতঃ আমাৰ গাঁওখনত বনৰীয়া হাতীৰ তাণ্ডৱ লীলা চলে। হাতীৰ মুখৰ পৰা ধান কাঢ়ি আনিবলৈ সক্ষম হ’লেহে আমি খেতিৰ ভাত খাবলৈ পাওঁ। ইপিনে ধানখেতি শেষ হোৱাৰ পাছত আমাৰ বাৰী, বস্তিবোৰত বনৰীয়া হাতীৰ তাণ্ডৱ চলে। সেয়ে আমি অনবৰত শংকা কঢ়িয়াই ফুৰিবলগীয়া হয়। বনৰীয়া হাতীৰ তাণ্ডৱত আতংকিত হৈ পৰা ৰাইজে মিলি গণেশ মন্দিৰটো স্থাপন কৰি গণেশ দেৱতালৈ পূজা–পাতল আগবঢ়াই আহিছিলো।

কালি দিনৰ ভাগত আয়োজন কৰা গণেশ পূজাত অঞ্চলবাসী ৰাইজে সহযোগ কৰিছিল। কিন্তু পুৱতি নিশা এটি বনৰীয়া হাতীয়ে গণেশ মন্দিৰটো ভাঙি থৈ যোৱাত আমি অধিক আতংকিত হৈ পৰিছো। আনহাতে, উক্ত নিশা গাঁওখনৰ কেইবা ঘৰৰ বাৰীত বনৰীয়া হাতীটোৱে প্ৰৱেশ কৰি কল-তামোল খাই লণ্ডভণ্ড কৰিও থৈ গৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *