১ মাৰ্চৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙেৰে চলিব বাহনঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

বছৰ বছৰ ধৰি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসীয়ে কৰি থকা অপেক্ষাৰ অন্ত পেলাই অহা ১ মাৰ্চৰ পৰা নতুনকৈ নিৰ্মিত দলঙত আৰম্ভ হ’ব যান-বাহনৰ চলাচল। আজি সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলগীয়া এই সেতুখনে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা যোগ কৰিব। প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামকৰণ কৰা এই দলংখন অসমৰ আন্তঃগাঁথনি উন্নয়নৰ এক অনন্য নিদৰ্শন হিচাপে বিবেচিত হৈছে।

প্ৰায় ৩,৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ১.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত চৰকাৰে কিছুমান সাময়িক ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে দলংখন গৌৰীপুৰৰ পৰা আৰম্ভ হৈছে যদিও তাত ‘ট্ৰাম্পেট ইণ্টাৰচেঞ্জ’ৰ কাম চলি থকাৰ বাবে জুন মাহলৈকে বাহনসমূহ আই আই টি গুৱাহাটীৰ দিশেৰেহে দলংখনত প্ৰৱেশ কৰিব পাৰিব।

ইয়াৰ উপৰিও, মহানগৰীৰ ফাঁচীবজাৰ আৰু বাণিজ্যিক এলেকাৰ যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ দলংখনত চলাচল কৰা বাছ আৰু ট্ৰাকৰ ওপৰত টোল কৰ আৰোপ কৰা হ’ব। অৱশ্যে আন যান-বাহনৰ বাবে এই কৰ প্ৰযোজ্য নহ’ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পাছতে দলংখনৰ এক সুকীয়া অভিজ্ঞতা ল’বলৈ জনসাধাৰণক সুযোগ দিছে চৰকাৰে। অহা ১৫ দিনৰ বাবে দলংখন কেৱল খোজকাঢ়ি ফুৰিবলৈ অৰ্থাৎ পথচাৰীৰ বাবেহে মুকলি থাকিব। ইয়াৰ পাছতে ১ মাৰ্চৰ পৰা পূৰ্ণগতিত যান-বাহন চলাচলৰ বাবে দলংখন খুলি দিয়া হ’ব। এই আধুনিক সেতুখনে যাতায়াতৰ সময় বহু পৰিমাণে লাঘৱ কৰাৰ লগতে উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ সংযোগ অধিক সুদৃঢ় কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *