ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপনঃ ১৭০০ কোটিৰো অধিক পুঁজিৰ প্ৰকল্প মুকলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

বিকাশৰ এক নতুন ধাৰাৰে উজনি অসমৰ গুৰুত্ব বৃদ্ধি কৰি আজি ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ১৭০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে জিলাখনত কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ সৰ্বাংগীণ উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা কৰে। প্ৰায় ২৮৪ কোটি টকা ব্যয়েৰে ডিব্ৰুগড় বাইপাছৰ সমীপৰ ৫৭ বিঘা মাটিত নিৰ্মাণ হ’বলগীয়া এই নতুন বিধানসভা কমপ্লেক্সত একেলগে ১৫০ গৰাকী বিধায়ক বহাৰ সুবিধা থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ খনিকৰত ২৩৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এক বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰো উদ্বোধন কৰে। ইয়াৰ লগতে ২০৯ কোটি টকাৰ দ্বিতীয় পৰ্যায়ৰ সম্প্ৰসাৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে আন্তঃগাঁথনিৰ সঠিক সঁহাৰি পালেহে দেশৰ যুৱ প্ৰজন্মই ক্ৰীড়া জগতত বিশ্বদৰবাৰত জিলিকি উঠিব পাৰিব। আনহাতে, বন্যপ্ৰাণীৰ ৰোগ নিৰ্ণয় আৰু গৱেষণাৰ বাবে দিনজানত ২৯২ কোটি টকা ব্যয় সাপেক্ষে এটা ইনষ্টিটিউট অব ৱাইল্ডলাইফ হেলথ এণ্ড ৰিচাৰ্ছৰো আধাৰশিলা স্থাপন কৰা হয়।

অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত উন্নয়ন কেৱল কাগজতে সীমাবদ্ধ আছিল, কিন্তু বৰ্তমানৰ চৰকাৰে সেই ঘোষণাসমূহক মাটিত ৰূপায়ণ কৰিছে। বান নিয়ন্ত্ৰণ আৰু জলসিঞ্চনৰ সুবিধাৰ্থে ৰাজ্যৰ ১৫ খন জলাশয় পুনৰুজ্জীৱিত কৰাৰ বাবে ৬৯২ কোটি টকাৰ এক বৃহৎ প্ৰকল্পৰো তেওঁ শুভাৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে এই আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় ৭.৫ লাখ লোক উপকৃত হোৱাৰ লগতে কৃষকসকলে জলসিঞ্চনৰ সুচল সুবিধা লাভ কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দিনটোক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে স্বাধীনতাৰ ৭৭ বছৰৰ পিছত গুৱাহাটীৰ বাহিৰত দ্বিতীয়টো বিধানসভা কমপ্লেক্সৰ ধাৰণা বাস্তৱায়িত হ’বলৈ ধৰিছে। ইয়াৰ ফলত প্ৰশাসন অধিক শক্তিশালী হোৱাৰ লগতে চৰকাৰী কামৰ বাবে উজনি অসমৰ ৰাইজৰ গুৱাহাটীলৈ যোৱাৰ কষ্ট লাঘব হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ চাহ শ্ৰমিকসকলৰ অৱদানক সোঁৱৰণ কৰি এই অঞ্চলটোৱে অসমৰ অৰ্থনীতিত সদায় এক বিশেষ স্থান দখল কৰি আহিছে বুলি মন্তব্য কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *