প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ দেহাৱসান

ভাৰতীয় ৰাজনীতি আৰু ক্ৰীড়া জগতৰ এক দীঘলীয়া অধ্যায়ৰ অৱসান ঘটিল। দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ মঙলবাৰে পুৱা পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত দেহাৱসান ঘটে। ৮১ বছৰীয়া কালমাডীয়ে দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজি আছিল। মঙলবাৰে পুৱা প্ৰায় ৩:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে বুলি চিকিৎসালয়ৰ সূত্ৰই সদৰী কৰিছে।ভাৰতীয় বায়ু সেনাৰ এজন প্ৰাক্তন বিষয়া সুৰেশ কালমাডীৰ ৰাজনৈতিক আৰু ক্ৰীড়া প্ৰশাসনৰ যাত্ৰা অত্যন্ত উত্থান-পতনেৰে ভৰা আছিল। তেওঁ পুনে লোকসভা সমষ্টিৰ পৰা কেইবাবাৰো সংসদলৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি ১৫ বছৰতকৈ অধিক সময় তেওঁ ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈ আছিল।

উল্লেখ্য যে, ২০১০ চনৰ কমনৱেলথ গেমছৰ কেলেংকাৰীক লৈ তেওঁ দীৰ্ঘদিন ধৰি আইনী মেৰপাকত আছিল যদিও ২০২৫ চনৰ এপ্ৰিল মাহত ইডিয়ে দাখিল কৰা এক প্ৰতিবেদনৰ ভিত্তিত আদালতে তেওঁক সকলো অভিযোগৰ পৰা মুক্তি দিছিল।সুৰেশ কালমাডীৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে পুনেৰ ইৰাণ্ডৱানেস্থিত নিজ বাসগৃহত বিয়লি ২ বজালৈ ৰখা হ’ব। ইয়াৰ পিছতে বিয়লি ৩:৩০ বজাত পুনেৰ বৈকুণ্ঠ শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *