প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিৰোধী দলৰ প্ৰাৰ্থী

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঙলবাৰে ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহৰ যৌথ প্ৰাৰ্থী হ’ব।

ৰেড্ডী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু গোৱাৰ প্ৰথম লোকায়ুক্ত। খাৰ্গে কয়- ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো দলেই উমৈহতীয়া প্ৰাৰ্থী বাছনি কৰাৰ সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছে।

মই সুখী যে সকলো বিৰোধী দলে এটা নামত একমত হৈছে। গণতন্ত্ৰৰ বাবে এয়া এক ডাঙৰ কৃতিত্ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *