প্ৰাক্তন আইএএছ বিষয়া ৰাজকুমাৰ গোৱেল দেশৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্ত

সোমবাৰে প্ৰাক্তন আইএএছ বিষয়া ৰাজকুমাৰ গোৱেলে দেশৰ মুখ্য তথ্য আয়ুক্ত (চিআইচি) হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা তিনিজনীয়া পেনেলৰ পৰামৰ্শৰ ভিত্তিত যোৱা সপ্তাহত গোৱেলক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

উল্লেখ্য যে অৰুণাচল প্ৰদেশ–গোৱা–মিজোৰাম–কেন্দ্ৰীয় শাসিত অঞ্চল কেডাৰৰ ১৯৯০ বেচৰ (অৱসৰপ্ৰাপ্ত) আইএএছ বিষয়া গোৱেলে চলিত বৰ্ষৰ ৩১ আগষ্টত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত ন্যায় বিভাগৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। পূৰ্বৰ মুখ্য তথ্য আয়ুক্ত হিৰালাল চামৰিয়াৰ কাৰ্যকাল শেষ হোৱাৰ পিছত ১৩ ছেপ্টেম্বৰত এই পদ খালী হৈছিল। এই নিযুক্তিৰ জৰিয়তে ন বছৰৰো অধিক সময়ৰ পিছত কেন্দ্ৰীয় তথ্য আয়োগে পূৰ্ণ শক্তিত কাম আৰম্ভ কৰিব বুলি আশা কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *