’৭১ৰ তিক্ততা পাহৰি পুনৰ মিত্ৰতাৰ আখৰা! বাংলাদেশে কিনিব পাকিস্তানী যুদ্ধবিমান

দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দি পাকিস্তানৰ সৈতে থকা স্বাধীনতা সংগ্ৰামৰ পুৰণি তিক্ততা পাহৰি মিত্ৰতাৰ নতুন প্ৰস্তাৱ আগবঢ়াইছে বাংলাদেশে। ভাৰতৰ সৈতে একাধিক কাৰণত সংঘাত বৃদ্ধি পোৱাৰ সময়তে মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ তত্ত্বাবধায়ক চৰকাৰখনে পাকিস্তানৰ সৈতে মিত্ৰতাৰ এক নতুন কৌশলী স্থিতি গ্ৰহণ কৰিছে। এই মিত্ৰতাৰ অংশ হিচাপে বাংলাদেশে পাকিস্তানৰ পৰা জে এফ-১৭ জেট ফাইটাৰ ক্ৰয় কৰিবলৈ যাৱতীয় প্ৰস্তুতি চলাইছে।

এই উপলক্ষে দুয়োখন দেশৰ সেনাপ্ৰধানৰ মাজত ইছলামাবাদত এক গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে অনুষ্ঠিত হয়। বাংলাদেশৰ বায়ুসেনাপ্ৰধান হাছান মাহমুদ খানে শেহতীয়াকৈ ইছলামাবাদ ভ্ৰমণ কৰি এই যুদ্ধবিমান ক্ৰয় সম্পৰ্কে আলোচনা কৰে। পাকিস্তান সেনাৰ মিডিয়া বিভাগ ইণ্টাৰ ছাৰ্ভিচ ৰিলেচনৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰিছে। পাকিস্তানৰ এয়াৰ চীফ মাৰ্শ্বাল জাহিৰ আহমেদ বাবৰৰ সৈতে অনুষ্ঠিত ৰুদ্ধদ্বাৰ বৈঠকত সামৰিক দিশত অধিক সহযোগিতা গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চীন আৰু পাকিস্তানে যুটীয়াভাৱে নিৰ্মাণ কৰা এই অত্যাধুনিক যুদ্ধবিমান বাংলাদেশে ক্ৰয় কৰাৰ আঁৰত ভাৰতৰ সৈতে আগন্তুক দিনত হ’ব পৰা সংঘাতৰ সন্মুখীন হোৱাটোৱে প্ৰধান লক্ষ্য বুলি ধাৰণা কৰা হৈছে। বাংলাদেশে বৰ্তমানলৈকে এফ-৭ আৰু মিগ-২৯ যুদ্ধবিমান ব্যৱহাৰ কৰি আহিছে।

ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক স্বদেশলৈ ঘূৰাই অনা আৰু হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনক কেন্দ্ৰ কৰি ভাৰতৰ সৈতে দেশখনৰ সংঘাত তীব্ৰতৰ হৈছে। ভাৰতে শ্বেখ হাছিনাক আশ্ৰয় দিয়াত বাংলাদেশ চৰকাৰে ক্ষোভ প্ৰকাশ কৰে। আনহাতে চুবুৰীয়া দেশখনত হিন্দুৰ ওপৰত হোৱা বিভিন্ন আক্ৰমণৰ অজুহাতত মহম্মদ ইউনুছ চৰকাৰৰ কাৰ্যকলাপত ভাৰতেও অসন্তুষ্টি ব্যক্ত কৰিছে। বাংলাদেশৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধিৰ সুযোগ বুজি পাকিস্তানে ইউনুছ চৰকাৰৰ সৈতে সম্পৰ্ক গঢ়িছে। অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত বি এন পি অথবা জামাত-ই-ইছলামৰ নেতৃত্বত হ’বলগীয়া চৰকাৰৰ সৈতে সু-সম্পৰ্ক গঢ়িবলৈ পাকিস্তানে আগ্ৰহেৰে অপেক্ষা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *