প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। অহা ২০-২১ ডিচেম্বৰত প্রধানমন্ত্রী অসমলৈ আহিব। এই অসম ভ্রমণৰ সময়ছোৱাত প্রথমদিনাই লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টার্মিনেল-২ উদ্বোধন কৰিব। তাৰ দ্বিতীয় দিনা প্রধানমন্ত্রীয়ে নামৰূপৰ অসম ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেচনত এম’নিয়া-ইউৰিয়া উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে অসম ভ্ৰমণৰ পূৰ্বে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত আছে ধেমাজিত চি আৰ পি এফৰ এটা গ্রুপ চেণ্টাৰ মুকলি কৰাৰ বাবে ভূমি আবণ্টন কৰা। বৈঠকৰ পিছত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে খানাপাৰাত যিধৰণে চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ আছে, ঠিক একেদৰে ধেমাজিতো গ্রুপ চেণ্টাৰ মুকলি হ’ব।
ইয়াৰ বাবে কেবিনেটত ৬০৭ বিঘা ভূমি আবণ্টন দিয়া হৈছে। আনহাতে মিছন বসুন্ধৰাৰ ৩.০ৰ জৰিয়তে লখিমপুৰ, কামৰূপ, দৰং, গোৱালপাৰাত প্রায় তিনি শতাধিক পৰিয়ালক ভূমি পট্টা প্ৰদান কৰাৰ বাবে সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে প্রধানমন্ত্রী মোদীয়ে অসম ভ্ৰমণৰ দ্বিতীয় দিনা অর্থাৎ ২১ ডিচেম্বৰত নামৰূপ ভ্রমণ কৰিব। এই ভ্রমণকালত তেওঁ নামৰূপৰ অসম ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেচনত এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পটোত ১২ লাখ মেট্রিক টন এম’নিয়া-ইউৰিয়া উৎপাদন হ’ব, যিটো দেশৰ ভিতৰতে সৰ্ববৃহৎ উৎপাদন সেই প্রকল্প হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্রকল্পটো তিনি-চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছতে প্রকল্পটোৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।
ইয়াৰ বাবে ভূমি আবণ্টন কৰা হৈছে। আনহাতে, সংবাদ মেলত তেওঁ এইবুলিও কয় যে প্রধানমন্ত্রীৰ অসম ভ্ৰমণৰ সময়ছোৱাত বিজেপিৰ ৰাজ্যিক কার্যালয়ো ভ্রমণ কৰিব। যিটো আমাৰ বাবে গৌৰৱৰ বিষয়। কিয়নো ইয়াৰ পূৰ্বে বিজেপিৰ শাসনকালৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী অসম ভ্রমণলৈ আহিছিল যদিও কোনেও বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ভ্ৰমণ কৰা নাছিল। একমাত্ৰ প্ৰধানমন্ত্ৰী মোদীয়ে হ’ব অসমৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভ্ৰমণ কৰা প্রধানমন্ত্রী। তেওঁক আদৰাৰ বাবে বিশেষ প্রস্তুতি লোৱা হৈছে। এক কিলোমিটাৰজুৰি বিজেপিৰ কৰ্মকর্তাসকলে তেওঁৰ বাবে ৰ’ড শ্ব’ উলিয়াব।
