পুনৰ বানৰ কৱলত ৰাজ্য

দ্বিতীয়টো বানৰ কৱলত ধেমাজি । গাই নদীত ভয়াবহভাৱে বৃদ্ধি পাইছে জলস্তৰ । বাঢ়নী পানীয়ে উটুৱাই নিলে পথৰ এটা অংশ ।ধেমাজি বঙালমাৰীৰ লেচিয়া নদীৰ পকী দলঙৰ সংযোগী গড়কাপ্তানি পথৰ কিছু অংশ খহাই নিয়ে বাঢ়নীপানীয়ে । যাৰ ফলত ধেমাজিৰ বঙালমাৰী হৈ আমগুৰি, চিচিবৰগাঁও আৰু বগীবিললৈ পথছোৱাৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । ইতিমধ্যে ধেমাজি জিলা প্ৰশাসনৰ সংশ্লিষ্ট লোক নিৰ্মাণ বিভাগ, ৰাজহ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰীয়ে পথৰ ছিগা অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।উল্লেখ্য যে শনিবাৰে সন্ধিয়ালৈকে ধেমাজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য মতে জিলাখনৰ জোনাই ৰাজহ চক্ৰত গালি আমগুৰি পাৰ্ট ৱান, মোলান পথাৰ, মধুপুৰ, গেজেৰা, জামুগুৰি, নাহৰ বৰঘূলি, উলুৱনী মাজগাঁৱকে ধৰি মুঠ বিশখন গাঁও বানত আক্ৰান্ত হৈছে । সেইদৰে চিচিবৰগাঁও ৰাজহচক্ৰত বাম আকটাই, হাতীগড় ব্লক, বাম কামচি গাঁৱকে ধৰি মুঠ তিনিখন গাঁও আৰু ধেমাজি ৰাজহ চক্ৰত কমলপুৰ নামৰ মাত্ৰ এখন গাঁও বানত আক্ৰান্ত হৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *