গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ উদ্যোগত (আই কিউ এ চি) পাঁচদিনীয়াকৈ ‘ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ’ চমুকৈ ‘নাকৰ নতুন বৈশিষ্ট্যসমূহ আৰু ইয়াৰ কাৰ্য্যকৰীতা’ শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হয়।
অসম ডনবস্কবিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰায় ২০০ জন অধ্যাপকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত ফাদাৰ ডঃ অনিল জৰ্জ কনকোথ , এম আই টি এল ইৰ সঞ্চালক আৰু কেৰেলাৰ মেৰিয়ান কলেজ কুট্টিক্কানামৰ অধ্যাপক ডঃ বিনু থমাছ আৰু সহকাৰী অধ্যাপক ড০ আজেশ পৰকল জোচেফ সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা সত্ৰত সমল ব্যক্তিসকলে মূলতঃ কৌশলগত পৰিকল্পনা, পাঠ্যক্ৰম বিকাশ, শাসন, আৰু ছাত্ৰকেন্দ্ৰীক গুণগত নিশ্চয়তা পদ্ধতিৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সঞ্চালক ড০ বিক্ৰমজিৎ গোস্বামীৰ সমন্বয়তাত কৰ্মশালা অনু্ষ্ঠিত হৈছিল।
