ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা

দেওবাৰে পুৱা গুৰুগ্ৰামত বিতৰ্কিত ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা কৰে। এক মিনিটৰ চিচিটিভি ক্লিপটোত দেখা গৈছে যে, পুৱা প্ৰায় ৫:৩০ বজাতএলভিছ যাদৱৰ ঘৰৰবাহিৰত ৩ দুৰ্বৃত্ত বাইকেৰে আহি উপস্থিত হয়।এজন অভিযুক্তই ঘৰটোৰ মূল গেটত থিয় হৈ গুলীচালনা কৰা চিচিটিভি ফুটেজত দেখা পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এলভিছৰ ঘৰত দুৰ্বৃত্তই ২৫টাতকৈ অধিক গুলীচালনা কৰে।ইফালে উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত এলভিছ ঘৰত নাছিল। তেওঁ কোনো কামৰ বাবে হাৰিয়ানাৰ বাহিৰলৈ যোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ঘৰৰ তত্ত্বাৱধায়ক আৰু পৰিয়ালৰ কিছু সদস্য ভিতৰত আছিল যদিও কোনো লোক আহত হোৱা নাই।এই পৰ্যন্ত আৰক্ষীত গোচৰ ৰুজু কৰা নাই এলভিছৰ পৰিয়ালে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *