ইণ্ডোনেছিয়াৰ যাত্ৰীবাহী জাহাজত ভয়ংকৰ অ*গ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ এখন যাত্ৰীবাহী জাহাজত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। যাৰ ফলত যাত্ৰীসকলে সাগৰত জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। কে এম বাৰ্চিলোনা ভি এ নামৰ জাহাজখনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। জাহাজখনত বহু শিশুকে ধৰি ২৮০ৰো অধিক যাত্ৰী আছিল।জাহাজখনত আছিল ২৮০ জনতকৈ অধিক লোক। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আতংকিত যাত্ৰীসকলে জুইৰ পৰা ৰক্ষা পাবলৈ সাগৰত জপিয়াই পৰা দেখা যায়। লগতে জাহাজখনত বহু শিশুও আছিল। ইণ্ডোনেছিয়াৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ব্যাপকভাৱে জাহাজখন খালী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে। ফুটেজত দেখা গৈছে যে নাওখনত থকা লোকসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে সাগৰত জপিয়াই পৰিছে, বেছিভাগেই লাইফ ছেফটি জেকেট পিন্ধিছিল যদিও কিছুমানে পিন্ধা নাছিল। বহু যাত্ৰী জেকেট নোহোৱাকৈয়ে সাগৰত জপিয়াই পৰিল। দৃশ্য ৰেকৰ্ড কৰা এটা ভিডিঅ’ত, এগৰাকী মহিলাই জুইৰ পৰা প্ৰায় ১০ৰ পৰা ১৫ মিটাৰ দূৰত সাঁতুৰিছিল। ফটোবোৰে নাওখনত থকা লোকসকলৰ মাজত সৃষ্টি হোৱা ভয় পৰিলক্ষিত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *