মেঘালয়ৰ কয়লা খনিৰ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত কয়লা খনিৰ দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যুৰ সন্দৰ্ভত মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে নিশা এক অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তলাপত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এতিয়ালৈকে অসমৰ তিনিজন শ্ৰমিকৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

নিহত আটাইকেইজন কাছাৰ জিলাৰ কাটিগোৰা বিধান সভা সমষ্টিৰ বাসিন্দা। এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি ড০ শৰ্মাই মৃত শ্ৰমিকৰ পৰিয়াললৈ ৫ লাখকৈ টকা দিয়াৰ ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে চিনাক্তকৰণ, সাহায্য, আৰু প্ৰয়োজনীয় সাহায্য নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে অহৰহ যোগাযোগত আছে।

মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে এই কৰুণ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ সৈতে থিয় দিছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য আগবঢ়াব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *