অৱশেষত কৰ্তব্যত যোগদান বিতৰ্কিত আয়ুষ চিকিৎসক নুচৰত পাৰবীনৰ! শেষ মুহূৰ্তত পাটনা সদৰত কাৰ্যভাৰ গ্ৰহণ

হিজাব পৰিধানক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ অহা আয়ুষ চিকিৎসক ডাঃ নুচৰত পাৰবীনে অৱশেষত নিযুক্তিৰ ২৩ দিনৰ পাছত নিজৰ চাকৰিত যোগদান কৰিছে। বুধবাৰে প্ৰথমে স্বাস্থ্য বিভাগ আৰু তাৰ পাছত গাৰ্দানীবাকস্থিত চিভিল চাৰ্জনৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ নিজৰ যোগদান পত্ৰ দাখিল কৰে। নিযুক্তিৰ সময়সীমাৰ শেষ দিনটোত ডাঃ পাৰবীনে লোৱা এই সিদ্ধান্তই এতিয়া সকলো জল্পনা-কল্পনাৰ অন্ত পেলালে।

পাটনাৰ চিভিল চাৰ্জন ডাঃ অবিনাশ কুমাৰে জানিবলৈ দিয়া মতে, নুচৰত পাৰবীনক পাটনা সদৰ পি এইচ চিত নিযুক্তি দিয়া হৈছে। যোৱা ১৫ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ সচিবালয়ত আয়োজিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত হিজাব পিন্ধাক লৈ সৃষ্টি হোৱা এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছৰে পৰা তেওঁ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। এই ঘটনাই ইমানেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যে পাকিস্তানৰ পৰাও এই সন্দৰ্ভত মন্তব্য আহিবলৈ আৰম্ভ কৰিছিল। উল্লেখ্য যে, এই সমগ্ৰ বিষয়টোক লৈ তীব্ৰ ৰাজনৈতিক তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী ইৰফান আনছাৰীয়ে ডাঃ পাৰবীনক ঝাৰখণ্ডত চাকৰি কৰিবলৈ আমন্ত্ৰণ জনাই তিনি লাখ টকাৰ দৰমহা আৰু মনপচন্দৰ পোষ্টিং দিয়াৰো প্ৰস্তাৱ দিছিল। ইয়াৰ মাজতে নুচৰত পাৰবীনে নিৰ্ধাৰিত সময়ত যোগদান নকৰাত তেওঁ চাকৰি কৰিব নে নাই, তাক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল। পূৰ্বতে ২০ ডিচেম্বৰত যোগদানৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হয়। সেই সময়তো ডাঃ পাৰবীন অনুপস্থিত থকাত স্বাস্থ্য বিভাগে ৭ জানুৱাৰী পৰ্যন্ত সময়সীমা পুনৰ বৃদ্ধি কৰে। এই একেটা বেচৰে আন ৬৩ গৰাকী আয়ুষ চিকিৎসকে বহু পূৰ্বেই নিজ নিজ কৰ্মস্থলীত যোগদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *