ফিফা বিশ্বকাপলৈ যোগ্যতা ব্ৰাজিল, ইকুৱেডৰ- অষ্ট্ৰেলিয়াৰ

ব্ৰাজিল, ইকুৱেডৰ আৰু অষ্ট্ৰেলিয়াই অহা বছৰৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তিনিওখন দেশে নিজ নিজ মেচত জয়ী হোৱাত সফল হয়। ইফালে লিয়নেল মেছিৰ আৰ্জেণ্টিনাই কলম্বিয়াৰ সৈতে ড্ৰ’ খেলিবলগীয়া হয়। ইতিমধ্যে আৰ্জেণ্টিনাৰ দলটোৱে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ উপৰিও চিলিয়ে বলিভিয়াৰ হাতত ২-০ গ’লত পৰাস্ত হয়, যাৰ বাবে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ পৰা আঁতৰি থাকিব। এই পৰ্যন্ত মুঠ ১৩টা দলে যোগ্যতা অৰ্জন কৰিছে। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত ৪৮টা দলে খেলিব।২০২২ চনৰ ফিফা বিশ্বকাপলৈকে মূল ইভেণ্টত মাত্ৰ ৩২টা দলে খেলিছিল। ফিফা বিশ্বকাপ ২০২৬ ৰ আয়োজক হৈছে আমেৰিকা, মেক্সিকো আৰু কানাডা। ইতিমধ্যে এই তিনিখন দেশে আয়োজক হিচাপে যোগ্যতা অৰ্জন কৰিছে। এই প্ৰতিযোগিতাখন অহা বছৰৰ জুন আৰু জুলাই মাহত অনুষ্ঠিত হব। যিবোৰ দলে এতিয়ালৈকে কোৱালিফায়াৰৰ জৰিয়তে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে, তাৰ ভিতৰত আছে – এছিয়া (এ এফ চি): জাপান, ইৰাণ, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, জৰ্ডান, উজবেকিস্তান।

ওচেনিয়া : নিউজিলেণ্ড।দক্ষিণ আমেৰিকা: আৰ্জেণ্টিনা, ব্ৰাজিল, ইকুৱেডৰ। কন’ৰ মেটকাফে অষ্ট্ৰেলিয়াৰ প্ৰথমটো গ’ল দি ছৌদি আৰৱৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰি দলটোক একেৰাহে ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত সহায় কৰে। দ্বিতীয়টো গ’ল দিয়ে মিচেল ডুকে। অষ্ট্ৰেলিয়াই পোনপটীয়াকৈ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ ৫ গ’লৰ ব্যৱধানত পৰাজয়ৰ পৰা হাত সাৰিবলগীয়া হৈছিল। হাফটাইমৰ ঠিক আগতে মেটকাফে গ’ল দিয়াৰ বিপৰীতে ৪৮ মিনিটত ডুকে হেডাৰেৰে গ’ল দিয়ে। ছৌদি আৰৱৰ হৈ ১৯ মিনিটত গ’ল দিয়ে আব্দুল ৰহমান আল অবুদে। অষ্ট্ৰেলিয়াৰ হৈ ১০০ সংখ্যক মেচ খেলি থকা গ’লৰক্ষক মেট ৰিয়ানে শেষ মুহূৰ্তত পেনাল্টিকে ধৰি ৫টা গ’ল ৰক্ষা কৰে। ইয়াৰ পূৰ্বে জাপানে ইণ্ডোনেছিয়াক ৬-০ গ’লত পৰাস্ত কৰি একেৰাহে অষ্টমবাৰৰ বাবে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে।ইফালে দক্ষিণ কোৰিয়াই কুৱেইটক ৪-০ গ’লত পৰাস্ত কৰি একেৰাহে ১১ সংখ্যক বিশ্বকাপত প্ৰৱেশ কৰে।

ওমানৰ সৈতে ১–১ গ’লত ড্ৰ’ কৰি পেলেষ্টাইন দৌৰৰ পৰা বাহিৰ হয়। এছিয়া অষ্ট্ৰেলিয়াৰ পৰা জাপান, ইৰাণ, দক্ষিণ কোৰিয়া, উজবেকিস্তান, জৰ্ডান আৰু অষ্ট্ৰেলিয়াই যোগ্যতা অৰ্জন কৰিছে। এছিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ স্থানত থকা ছটা দলৰ মাজৰ পৰা আৰু দুটা দলে যোগ্যতা অৰ্জন কৰিব আৰু এই ৰাউণ্ড অক্টোবৰ মাহত অনুষ্ঠিত হ’ব। এই দলসমূহ হ’ল ওমান, কাটাৰ, ইৰাক, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী। ভিনিচিয়াছ জুনিয়ৰৰ গ’লে ব্ৰাজিলে পেৰাগুৱেক ১-০ গ’লত পৰাস্ত কৰি ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত সহায় কৰে। খেলখনত ৰিয়েল মাদ্রিদৰ তাৰকা ভিনিচিয়াছে একমাত্ৰ গ’লটো দিয়ে। ইফালে কলম্বিয়াৰ সৈতে ১-১ গ’লত ড্র খেলা ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাইও অহা বছৰৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া মেগা ফুটবল এক্সট্ৰাভাগাঞ্জাত নিজৰ স্থান নিশ্চিত কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *