প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত, গুৱাহাটীৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰৰ দিনৰ ১২ বাজালৈ গুৱাহাটী অঞ্চলৰ সকলো ফেৰী সেৱা স্থগিত থাকিব। এই পদক্ষেপ গৃহীত হৈছে প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে। প্ৰধানমন্ত্ৰী ২০ ডিচেম্বৰত গুৱাহাটী হাজিৰ হ’ব আৰু ওই দিনটোতে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দাৰৰ নতুন টাৰ্মিনেলৰ উদ্বোধন কৰিব। তাৰ পাছদিনা, ২১ ডিচেম্বৰত, তেওঁ ‘চৰাইদেউ’ ক্ৰুজতে শিক্ষাৰ্থীৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণৰ কথা আছে। প্ৰধানমন্ত্ৰী মোদীৰ ব্ৰহ্মপুত্ৰৰ যাত্ৰাৰ বাবে নদী পথত যাত্ৰীবাহী ফেৰী চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যাৰ ফলস্বৰূপ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়তৰ সময়ত হাজাৰ হাজাৰ নিত্য যাত্ৰী সমস্যাৰ সন্মুখীন হ’ব। প্ৰশাসনে যাত্ৰীসকলক বিকল্প স্থল পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে, আৰু ফেৰী চালক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই নিৰ্দেশ স্হিৰভাৱে পালন কৰাৰ বাবে কোৱা হৈছে। ২১ ডিচেম্বৰৰ দুপৰ ১২ বাজাৰ পাছত ফেৰী চলাচল পুনৰ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।
পি এম ভ্ৰমণক লৈ গুৱাহাটীত ফেৰী সেৱা দুদিনৰ বাবে স্থগিত, যাত্ৰীৰ বাবে বিকল্প ব্যৱস্থা
