আলুৰ উচিত মূল্যৰ অভাৱত হাহাকাৰ শদিয়াৰ কৃষকৰ! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদ

জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰৰ উদাসীনতাৰ বাবে এতিয়া ৰাজ্যৰ থলুৱা কৃষকসকলে নিজৰ উৎপাদিত ফচলৰ সঠিক মূল্য বিচাৰি হাহাকাৰ কৰিছে। শেহতীয়াকৈ শদিয়াত কৃষকে ফচলৰ মূল্য নোপোৱাত ক্ষোভত আলু ৰাস্তাত পেলাই দিয়া কাৰ্যক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিৰ জৰিয়তে চৰকাৰৰ এই নিষ্ক্ৰিয়তাক তীব্ৰ সমালোচনা কৰে। পৰিসংখ্যা অনুসৰি শদিয়াৰ খেতিয়কসকলে প্ৰতি কিলো আলুৰ বীজ ৬০ টকাকৈ ক্ৰয় কৰি ঋণ লৈ খেতি কৰিছিল। কিন্তু উৎপাদনৰ পাছত বজাৰত আলুৰ দাম প্ৰতি কেজিত মাত্ৰ সাত টকালৈ হ্ৰাস পোৱাত কৃষকসকল চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। চৰকাৰে আলুৰ বাবে ন্যূনতম সমৰ্থন মূল্য ঘোষণা নকৰাৰ বাবেই মূল্যৰ এই বৃহৎ ব্যৱধানে কৃষকৰ কঁকাল ভাঙিছে বুলি অজাপই অভিযোগ কৰে।

ৰাজ্য চৰকাৰে মধ্যভোগী আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি পথাৰৰ আলু পথাৰতে পচি যোৱাৰ উপক্ৰম ঘটিছে। শদিয়া অঞ্চলত চলিত বৰ্ষত প্ৰায় ২৫০০ হেক্টৰতকৈ অধিক মাটিত আলু উৎপাদন হৈছে যদিও বৰ্তমানলৈ মাত্ৰ ৩০ শতাংশ আলুহে বজাৰলৈ উলিয়াব পৰা গৈছে। বাকী ৭০ শতাংশ আলু পথাৰতে পৰি থকাৰ মূল কাৰণ হ’ল আলু খন্দাৰ অত্যধিক খৰচ। একোখন মোনা আলু খান্দিবলৈ খৰচ হয় ৫০ টকা, যিটো বজাৰ মূল্যতকৈ অধিক লোকচানৰ কাৰণ হৈ পৰিছে। চৰকাৰৰ ‘আত্মনিৰ্ভৰ অসম’ৰ আহ্বানক বিশ্বাস কৰি হেজাৰ হেজাৰ শিক্ষিত যুৱকে কৃষিক জীৱিকা হিচাপে লৈছিল। কিন্তু বহিঃৰাজ্যৰ নিম্নমানৰ আলুৰ অবাধ প্ৰৱেশ আৰু থলুৱা কৃষকৰ সুৰক্ষাৰ অভাৱত এই যুৱকসকলৰ ভৱিষ্যত এতিয়া অন্ধকাৰৰ দিশে গতি কৰিছে। এই ছিণ্ডিকেট চক্ৰই কৃষকক দুগুণ-তিনিগুণ দামত বীজ দি পাছত কম দামত আলু ক্ৰয় কৰি শোষণ কৰি আহিছে বুলিও দলটোৱে দাবী কৰে।

অসম জাতীয় পৰিষদে চৰকাৰৰ ওচৰত আলুৰ বাবে শীঘ্ৰে ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰাৰ লগতে শদিয়া অঞ্চলত এটা অত্যাধুনিক শীতলীকৰণ ভঁৰাল স্থাপন কৰাৰ দাবী জনায়। ইয়াৰ উপৰি বহিঃৰাজ্যৰ নিম্নমানৰ আলুৰ প্ৰৱেশ বন্ধ কৰা আৰু বীজৰ বজাৰত সক্ৰিয় হৈ থকা শক্তিশালী ছিণ্ডিকেট উৎখাত কৰিবলৈ চৰকাৰক আহ্বান জনায়। কৃষকৰ এই দুৰৱস্থাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল’ব লাগে বুলি অজাপই স্পষ্ট কৰি দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *