বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিচতেই নলবাৰীৰ বৰক্ষেত্ৰীত হাহাকাৰ।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অবৈধ বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। চৰকাৰী বুলডজাৰ চলোৱাৰ আগতেই বেদখলকাৰীয়ে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ। নলবাৰী জিলাৰ বাকৰিকুছিত
উচ্ছেদ অভিযান চলিবলগীয়া ৪৫২ বিঘা ভূমিত আছে ৯৩ টা পৰিয়াল। ‘বুলড’জাৰ আমাৰ ওপৰৰে চলিব দিম, কিন্তু আমি ইয়াৰ পৰা নাযাওঁ। আমি ৩০ বছৰ ধৰি ইয়াত আছো।’ বুলি
কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰীৰ উচ্ছেদ হ’বলগীয়াপৰিয়ালৰ লোকসকলে। বাকৰিকুছিৰ ৪৫২ বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন। পিছে এই উচ্ছেদ কেতিয়া হ’ব ইয়াক লৈও এক উৎকণ্ঠা সৃষ্টি হৈছে সমগ্র অঞ্চলটোত।
নলবাৰীত হাহাকাৰ পৰিস্থিতি
