দেশৰ আন ৰাজ্যৰ লগতে অসমতো আয়ুর্বেদিক চিকিৎসা সন্থা (AMO) অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু নীপকোৰ যৌথ সহযোগত অসমৰ প্ৰত্যেক খন জিলাত ২৫ ছেপ্টেম্বৰত আয়ুর্বেদ দিৱস পালন কৰা হয়। আয়ুর্বেদ দিৱস উপলক্ষে সমগ্র অসমতে ৩৮ টা স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা ও চিকিৎসা আৰু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। আয়ুর্বেদিক চিকিৎসা সন্থাই আয়ুর্বেদ দিৱস – ২৫ ৰ কেন্দ্ৰীয় কাৰ্য্যসূচী গুৱাহাটীৰ বৰবাৰীস্থিত “সুদর্শনালয়”ত সজাগতা সভা, অসম ৰত্ন বঁটা প্ৰদান আৰু চিকিৎসা শিবিৰ আদিৰে বৃহৎ আকাৰত উদযাপন কৰা হয়।
এই বছৰৰ পৰা আৰম্ভ কৰা “অসম আয়ুর্বেদ ৰত্ন -২৫” বঁটা বিশিষ্ট আয়ুর্বেদিক চিকিৎসক , গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ ওম প্রকাশ গুপ্তাক প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী অশোক সিংঘাল আৰু সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উল্লাহচ কুলকাৰনীয়ে।
সভাত বিশিষ্ট অতিথি হিচাপে আৰ এছ এছৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা , সহকাৰী সেৱা প্ৰমুখ সুৰেন্দ্ৰ টাইখেদকাৰ , আয়ুস অসমৰ সঞ্চালক ডঃ ইন্দ্রনসী দাস উপস্থিত থাকে। সভাত আয়ুর্বেদিক চিকিৎসা, যোগাসন, আহাৰ-বিহাৰ, দিনচাৰ্য, ৰিতুচাৰ্য আদিৰে মানুহক নিৰোগী কৰি ৰখাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হয়। সভাত সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস, সাধাৰণ সম্পাদক ডাঃ বিশ্বজিৎ দাস, ডাঃ বিবেক শর্মা, ডাঃ কিশোৰ দাস, ডাঃ চিৰঞ্জীৱ মহন্তকে ধৰি কৰ্মকৰ্তা সকল উপস্থিত আছিল।
