চাকৰি দিয়াৰ নামত কোটি টকা আত্মসাৎ: হাতীগাঁও থানাৰ লকআপত প্ৰবঞ্চক বাণীকান্ত মেধি

ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ টোপ দি বহু প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা এজন প্ৰবঞ্চকক আজি হাতীগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ সাতগাঁও অঞ্চলৰ এই প্ৰবঞ্চকটোক বাণীকান্ত মেধি বুলি চিনাক্ত কৰা হৈছে।

বাণীকান্ত মেধিয়ে দীৰ্ঘদিন ধৰি চৰকাৰী চাকৰিৰ ভুৱা বিজ্ঞাপন দেখুৱাই একাংশ প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল। এইদৰে তেওঁ সংগ্ৰহ কৰা টকাৰ পৰিমাণে কোটিৰ ঘৰ স্পৰ্শ কৰা বুলি অভিযোগ উঠিছে। চাকৰিৰ আশাত লাখ লাখ টকা দি প্ৰতাৰিত হোৱা একাংশ ভুক্তভোগীয়ে অৱশেষত হাতীগাঁও থানাত বাণীকান্ত মেধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিতে হাতীগাঁও থানাৰ আৰক্ষীয়ে যোৱা নিশা সাতগাঁৱৰ ঘৰৰ পৰা প্ৰবঞ্চক বাণীকান্ত মেধিক গ্ৰেপ্তাৰ কৰে। আজি আৰক্ষীয়ে অভিযুক্তজনক লগত লৈ সাতগাঁও অঞ্চলত অভিযান চলোৱা বুলিও জানিব পৰা গৈছে। সাতগাঁও দলবাৰীৰ পানীটেংকী পথৰ বাসিন্দা বাণীকান্ত মেধিৰ সৈতে এই চাকৰিৰ বজাৰখনত আৰু কোনো দালাল জড়িত আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *