প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত অথন্তৰ

২ মে’, শুকুৰবাৰে সম্পন্ন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ কেইবাখনো জিলাত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ লগতে বিশৃংখল পৰিস্থিতিৰ সূচনা হোৱাৰ অভিযোগ উঠিছিল। তাৰ পাছতেই ৰাজ্যিক নিৰ্বাচন আয়োগে কেইবাখনো জিলাৰ ৪০ টাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আয়োগৰ জাননী অনুসৰি ৪ মে’ দেওবাৰে মুঠ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই জিলা কেইখন ক্ৰমে হাইলাকান্দি, শ্ৰীভূমি, লখিমপুৰ, গোলাঘাট আৰু মাজুলী।৪ মে’ত পুৱা ৭.৩০ বজাৰ পুৱা ৪.৩০ বজালৈ এই‌ ভোটগ্ৰহণ কেন্দ্ৰবোৰত ভোটদান অনুষ্ঠিত হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *