বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। নিত্যব্যৱহাৰ্য  সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য। এইবাৰ  প্ৰতি প্লেট কণীত ২৩০-১৪০ টকালৈ বৃদ্ধি  হৈছে। গুৱাহাটীৰ বজাৰত প্ৰতি প্লেট কণীৰ মূল‌্য ২৩০-২৪০  টকা পৰ্যন্ত বিক্ৰী হৈছে। আনহাতে  বজাৰত প্ৰতিটো কণী ৮ টকাকৈ বিক্ৰী হৈছে।

বজাৰত পূৰ্বতকৈ  ৩০-৪০ টকা পৰ্যন্ত কণীৰ মূল্য বৃদ্ধি পাইছে। শাক পাচলিৰ জুই-ছাই দামে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ সমান্তৰালকৈ কণীৰ মূল্যবৃদ্ধিয়েও বিপাঙত পেলাইছে ৰাইজক।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *