কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস। সেয়েহে মানুহে প্ৰায়ে খাদ্য তালিকাত এই খাদ্য বিধ অন্তৰ্ভুক্ত কৰে। কণী বহু ধৰণে সেৱন কৰা হয়। কোনোৱে বইল, কোনোৱে অমলেট বনায়। অৱশ্যে কিছুমান মানুহে কেঁচাকৈ খায়। ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হয় যে, কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় নেকি, নে কেঁচা কণীয়ে অধিক উপকাৰ দিয়ে ? কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা বুলি ধাৰণাটো সম্পূৰ্ণ সঁচা নহয়, বৰঞ্চ সিজোৱা কণীহে শৰীৰে অধিক হজম আৰু গ্ৰহণ কৰিব পাৰে। কেঁচা কণীয়ে পেশী আৰু চুলিৰ বাবে কিছু উপকাৰ দিলেও, ইয়াত থকা ‘এভিদিন’ (avidin) নামৰ প্ৰ’টিনে বায়’টিন শোষণত বাধা দিয়ে আৰু চালমোনেলা বেক্টেৰিয়াৰ ফলত ফুড পইজনিং হোৱাৰ সম্ভাৱনা থাকে। কেঁচা কণী খোৱাটো বহুতৰে মাজত জনপ্ৰিয় হৈ পৰিছে, বিশেষকৈ ফিটনেছৰ লগত জড়িত ব্যক্তিসকলৰ মাজত। কিন্তু ইয়াৰ ন্যূনতম উপকাৰৰ বিপৰীতে বহুত উপকাৰিতাও আছে।
কেঁচা কণীৰ উপকাৰ
কেঁচা কণীত প্ৰ’টিন, স্বাস্থ্যকৰ চৰ্বি, ভিটামিন (A, D, E, B12) আৰু আইৰণ, ফছফৰাছৰ দৰে খনিজ পদাৰ্থ থাকে। ই পেশী বৃদ্ধি, শাৰীৰিক শক্তি বৃদ্ধি আৰু চুলি-ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিশ্বাস কৰা হয়। ফিটনেছৰ প্ৰতি আগ্ৰহীসকলে প্ৰ’টিনৰ উচ্চ মাত্ৰাৰ বাবে কেঁচা কণী খায়, যি পেশী মেৰামতিত সহায় কৰে বুলি বিশ্বাস কৰে। কিছুমানে কয় যে সীমিত পৰিমাণে খালে ই হজমশক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।কেঁচা কণীৰ অপকাৰ
কেঁচা কণী সেৱন কৰাৰ ফলত আমাৰ শৰীৰলৈ প্ৰৱেশ কৰিব পাৰে চালম’নেলা বেক্টেৰিয়া, যি খাদ্য বিষক্ৰিয়াৰ কাৰণ হ’ব পাৰে আৰু বমি, ডায়েৰিয়া, জ্বৰৰ দৰে সমস্যাৰ সৃষ্টি কৰে। কেঁচা কণীত থকা এভিডিন নামৰ উপাদানে অত্যধিক খালে বায়’টিন শোষণত বাধা দিব পাৰে। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোক, গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধসকলে কেঁচা কণী খোৱাৰ পৰা বিৰত থাকিব লাগে। অত্যধিক খালে ক’লেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পাব পাৰে।
কেঁচা কণীৰ উপকাৰী গুণৰ বিষয়ে জানেনে
