উত্তৰ-পূৰ্বাঞ্চলৰ ধাৰাবাহিক সংকটৰ সময়ত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰদৰ্শন কৰা সংহতিৰ শলাগ লৈ শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা পৱন খেৰাই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠানত পৰম্পৰাগত বস্ত্ৰ পৰিধান নকৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে খেৰাই বিজেপিক ‘দৃষ্টি আকৰ্ষণকাৰী কৌশল’ অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে।
সামাজিক মাধ্যমযোগে কংগ্ৰেছ নেতাগৰাকীয়ে ৰাহুল গান্ধীয়ে উত্তৰ-পূবৰ লোকসকলৰ সৈতে মত-বিনিময় কৰা আলোকচিত্ৰ শ্বেয়াৰ কৰি তেওঁৰ নৈতিক সাহসৰ প্ৰশংসা কৰে। তেওঁৰ মতে, কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰাৰ সময়তো গান্ধীয়ে জনসাধাৰণৰ কাষত থিয় দিছে। বিপৰীতে বিজেপি আৰু আৰএছএছৰ নীতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু মৰ্যাদা বিঘ্নিত হোৱা বুলিও তেওঁ দাবী কৰে। মণিপুৰৰ দীৰ্ঘদিনীয়া হিংসাত্মক পৰিস্থিতিৰ প্ৰসংগ উত্থাপন কৰি পৱন খেৰাই কয় যে যেতিয়া মণিপুৰ জ্বলি আছিল, তেতিয়া প্ৰধানমন্ত্ৰী নিমাত হৈ আছিল। তেওঁ লগতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়টো আৰু এঞ্জেল চাকমাৰ পৰিয়ালে বিচাৰি থকা ন্যায়ৰ উদাহৰণ দি চৰকাৰী ব্যৱস্থাৰ বিফলতাৰ কথা উল্লেখ কৰে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লক্ষ্য কৰি খেৰাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃত শাসনতকৈ কেৱল প্ৰচাৰৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তেওঁৰ মতে, উত্তৰ-পূবৰ ৰাইজক এতিয়া শান্তি, ন্যায় আৰু কৰ্মসংস্থাপন লাগে, যিবোৰ মূল্যবোধ বিজেপিয়ে ধবংস কৰিছে। ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশৰ কথা দোহাৰি কংগ্ৰেছ নেতাজনে কয় যে অসমৰ ভোটাৰসকলে এতিয়া কেৱল প্ৰতীকী কথাত ভোল নাযায়। তেওঁলোকক চৰকাৰৰ পৰা জবাবদিহিতা লাগে আৰু সেইবাবেই বিজেপিয়ে ৰাইজৰ দৃষ্টি আঁতৰাবলৈ বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে।
