ডুবাই বিমানবন্দৰৰ সমীপত ড্ৰোন আক্ৰমণ; ইন্ধন ডিপোত ভয়াৱহ অগ্নিকাণ্ড, বিমান চলাচল ব্যাহত

মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিয়ে বিশ্বৰ কেইবাখনো দেশত সৃষ্টি কৰিছে ভয়ংকৰ আতংকৰ। সোমবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰোন আক্ৰমণৰ ফলত সূত্ৰপাত ঘটে এক ভয়াৱহ অগ্নিকাণ্ডৰ। বিমানবন্দৰটোৰ অতি ওচৰত থকা এটা ইন্ধন টেংক লক্ষ্য কৰি চলোৱা এই আক্ৰমণৰ পাছতে নিৰাপত্তাৰ স্বাৰ্থত বিমান চলাচল সাময়িকভাৱে স্থগিত ৰখা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াই ডুবাইলৈ দিনটোৰ বাবে নিৰ্ধাৰিত সকলো উৰণ বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰে। এই ঘটনাত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও আকাশলৈ উঠা ক’লা ধোঁৱাৰ কুণ্ডলীয়ে সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে। ইফালে, ইউ এ ই প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইৰানৰ ফালৰ পৰা অহা কেইবাটাও মিছাইল আৰু ড্ৰোন তেওঁলোকৰ আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থাই মাজ আকাশতে ধ্বংস কৰা বুলি দাবী কৰিছে।

যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ সৰ্বোচ্চ নেতাৰ মৃত্যু হোৱা যুদ্ধৰ পাছৰে পৰা আৰব দেশসমূহৰ নিৰাপত্তা ব্যৱস্থা অধিক সংকটাপন্ন হৈ পৰিছে। ইৰানে আমেৰিকাক সহায় কৰাৰ অভিযোগ তুলি ইয়াৰ পূৰ্বেও ডুবাইৰ গুৰুত্বপূৰ্ণ স্থাপনা আৰু বুৰ্জ আল আৰবৰ দৰে হোটেলত আক্ৰমণ চলাইছিল। বৰ্তমানৰ এই ড্ৰোন আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ লগতে বিশ্বৰ বজাৰতো ইন্ধনৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *