ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষকৰ পৰা আঁতৰিল ড্ৰিম১১

এছিয়া কাপ ২০২৫ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষক হিচাপে আঁতৰি অহাৰ সিদ্ধান্ত লৈছে ড্ৰিম১১য়ে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপত ভাৰতীয় দলৰ জাৰ্চিত ড্ৰিম১১ৰ ব্ৰেণ্ডিং দেখা পোৱা নাযাব। অনলাইন গেমিং বিল ২০২৫ গৃহীত হৈ আইনৰৰূপ লোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।এই আইনখনে ড্ৰিম১১ৰ দৰে ৰিয়েল মানি গেমিং প্লেটফৰ্ম নিষিদ্ধ কৰিছে।

ড্ৰিম১১য়ে ২০২৩ চনত বিচিচিআইৰ সৈতে ৩৫৮ কোটি টকাত তিনি বছৰৰ পৃষ্ঠপোষকতা চুক্তি স্বাক্ষৰ কৰিছিল, যিটো ২০২৬ চনলৈ আছিল। এই চুক্তিৰ অধীনত বিচিচিআইয়ে ঘৰুৱা প্ৰতিখন খেলৰ বাবে ৩ কোটি টকা আৰু বহিঃৰাজ্যত খেলা প্ৰতিখন মেচৰ বাবে ১ কোটি টকা লাভ কৰিছিল। চুক্তি শেষ হোৱাৰ পিছত এতিয়া বিচিচিআইয়ে নতুন পৃষ্ঠপোষকৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।

বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে বিচিচিআইয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো নীতি মানি চলে। যদিহে পৃষ্ঠপোষকতা অব্যাহত ৰখাটো অনুমতিৰ নিয়মৰ বিৰুদ্ধে হয় তেন্তে ব’ৰ্ডে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। অৱশ্যে বিচিচিআই আৰু ড্ৰিম১১ৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ অহা নাই।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *