শৈক্ষিক জগত এৰি ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ প্ৰস্তুতি ড০ জ্ঞানশ্ৰী বৰাৰ

ৰাজনীতিৰ পথাৰলৈ পুনৰ উভতিল জ্ঞানশ্ৰী বৰা। চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ পদৰ পৰা অব্যাহতি লৈ পুনৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ড০ জ্ঞানশ্ৰীয়ে। গোৱালপাৰা মহাবিদ্যালয়ত কৰ্মৰত জ্ঞানশ্ৰীয়ে হঠাতে শিক্ষকতা এৰি সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ চৰ্চাই এতিয়া ৰাজ্যৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বিশেষকৈ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নিজৰ চোকা বক্তব্যৰে সামাজিক মাধ্যমত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জ্ঞানশ্ৰীৰ এই পদক্ষেপে এক বিশেষ ৰাজনৈতিক ইংগিত বহন কৰিছে।

উল্লেখ্য যে ড০ জ্ঞানশ্ৰী বৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভগ্নী সংগঠন ‘জাতীয় নাৰী বাহিনী’ৰ প্ৰতিষ্ঠাপক সভানেত্ৰীৰ দায়িত্বত আছিল। ২০২৩ চনত তেওঁ অসম চৰকাৰৰ অধীনত গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিছিল। চাকৰি জীৱনৰ চুটি সময়ৰ ভিতৰতে তেওঁ পদত্যাগ কৰা ঘটনাই তেওঁৰ আগন্তুক ৰাজনৈতিক যাত্ৰাক লৈ বিশেষ চৰ্চা আৰম্ভ কৰিছে।

সামাজিক মাধ্যমত নিজৰ বলিষ্ঠ বক্তৃতাৰ বাবে পৰিচিত ড০ বৰাই পূৰ্বতেও জাতীয়তাবাদৰ সপক্ষে মাত মাতি আহিছে। এতিয়া শৈক্ষিক জগতৰ পৰা আঁতৰি আহি তেওঁ কেনেধৰণৰ ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিব, সেই লৈ সৰ্বত্ৰে কৌতূহলৰ সৃষ্টি হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *