বিশিষ্ট লেখক, বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় নিবাসী ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয়খন গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ শুকুৰবাৰে অসম গ্ৰন্থমেলাত উন্মোচন কৰা হয়৷ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থ মেলাৰ বসন্ত কুমাৰ ভট্টাচাৰ্য্য সভাগৃহত কেইবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ উন্মোচন কৰা হয়৷ বিকল্প মিডিয়াই প্ৰকাশ কৰা গ্ৰন্থখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডা০ কৰৱী গোস্বামীয়ে বৰগীত, জীৱনী ডেকাই লোকগীত পৰিৱেশন কৰাৰ অন্তত গ্ৰন্থ উন্মোচনী সভা আৰম্ভ হয়৷ যুৱ সাংবাদিক ডলী দাসে আঁতধৰা সভাখন কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী সবিতা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ ড০ শ্বাহৰ গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসমত গ্ৰন্থ পঢ়া আন্দোলনটোৰ বাবে এনে গ্ৰন্থ উন্মোচনী সভাবোৰ আদৰ্শ হৈ পৰে, এনে অনুষ্ঠান প্ৰয়োজন হৈ পৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে৷
বৰাই লগতে কয় যে এই উন্মোচনী অনুষ্ঠানৰ জৰিয়তে লেখকে কি বিচাৰিছে সেই কথা আমি জানিব পাৰো৷ এই উন্মোচনী অনুষ্ঠানৰ জৰিয়তে গ্ৰন্থ লেখকে গ্ৰন্থখন মানস পুত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে বুলিও কয় দেৱজিৎ বৰাই৷ সভাত সাহিত্যিক ডা০ জয়ন্ত কুমাৰ গোস্বামী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ লগতে বহু সংখ্যক গ্ৰন্থপ্ৰেমী উপস্থিত থাকে। আজি মঞ্জিমা গগৈ দাসৰ ‘পোহৰমুখী খিৰিকীখন’ ৰ্শীষক গ্ৰন্থখনো উন্মোচন কৰা হয়।
