এটা কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা আৰক্ষী বিষয়াই। জানিব পৰা মতে, এটা কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই ৰিছা শৰ্মা নামৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে। উপ-পৰিদৰ্শকগৰাকীয়ে কৰ্তব্য শেষ কৰি ঘৰলৈ গৈ আছিল। তেতিয়াই তেওঁৰ স্কুটিৰ সন্মুখত এটা কুকুৰ দৌৰি আহে। সেই কুকুৰটোক ৰক্ষা কৰাৰ চেষ্টা কৰোতেই ৰিছাক পাছফালৰ পৰা অহা এখন বাহনে খুন্দা মাৰে। যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় তেওঁ।এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। ২৫ বছৰীয়া ৰিছাৰ ঘৰ কানপুৰত বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *