দিলীপ শৰ্মা জন্মশতবৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্যসূচী অহা ২২ জুনৰ পৰা আগুৱাই আনি অহা ১৪ জুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১৪ জুনত বক্তৃতানুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে দিলীপ শৰ্মা জন্ম শতবৰ্ষ আৰম্ভ হ’ব। দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কাৰ্যনিৰ্বাহকৰ বৈঠকত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰয়াত দিলীপ শৰ্মাৰ সৈতে বহু অনুষ্ঠানত গীত পৰিৱেশন কৰা বিশিষ্ট শিল্পী তথা পশ্চিম বঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, কলকতা নিবাসী শুভপ্ৰসাদ নন্দী মজুমদাৰে শতবৰ্ষ উদ্বোধনী কাৰ্যসূচীত “প্ৰয়াত দিলীপ শৰ্মা আৰু গণনাট্য আন্দোলন” শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। বক্তৃতানুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি এক চমু সাংস্কৃতিক কাৰ্যসূচীৰো উক্ত দিনা আয়োজন কৰা হৈছে৷ শতবৰ্ষ উদযাপনৰ বিভিন্ন দিশ সামৰি উদযাপন সমিতিয়ে কেবাখনো গুৰুত্বপূৰ্ণ উপসমিতি গঠন কৰে।
সাংস্কৃতিক আৰু কৰ্মশালা উপসমিতিৰ সভাপতি আৰু আহবায়ক ৰূপে সঙ্গীতজ্ঞ অনুপম চৌধুৰী আৰু ঘন ডেকা, প্ৰকাশনা উপসমিতিৰ সভাপতি আৰু আহবায়ক ৰূপে ড° গঙ্গাপদ চৌধুৰী আৰু সমীন্দ্ৰ হুজুৰী আৰু প্ৰণৱজ্যোতি ডেকাক যুটীয়া আহবায়ক, চিত্ৰ প্ৰদৰ্শনী উপসমিতিৰ সভাপতি জ্ঞানেন বৰকাকতি আৰু আহবায়ক কিশোৰ দাস, বিত্ত উপসমিতিৰ সভাপতি ৰূপে দেবেন তামুলি আৰু মহেশ ভট্টাচাৰ্যক আহবায়ক, প্ৰচাৰ আৰু সামাজিক মাধ্যম উপসমিতিৰ সভাপতিৰূপে ত্ৰিদিব বৰপূজাৰী আৰু হুমায়ুন চৌধুৰীক আহবায়কৰূপে মনোনীত কৰি গঠন কৰা হয়। কীৰ্তি কমল ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত উদযাপন সমিতিৰ আজিৰ বৈঠকত উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বছৰজোৰা পৰিকল্পনা ডাঙি ধৰে সাধাৰণ সম্পাদক কমলেশ গুপ্তই।
যোৱা ১০ মে’ত অনুষ্ঠিত সাধাৰণ সভাত শতবৰ্ষ উদযাপন সমিতি গঠন হোৱাৰ পাচৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা দিলীপ শৰ্মাৰ শতবৰ্ষ উদযাপনৰ প্ৰতি উৎসাহজনক সঁহাৰি লাভ কৰা গৈছে৷ আজি অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক কমিটিৰ সভাত ড° গঙ্গাপদ চৌধুৰী, মনীষা হাজৰিকা, ড° পান্নালাল গোস্বামী, সীতানাথ লহকৰ, পৰমানন্দ মজুমদাৰ, নয়ন প্ৰসাদ, অৱনী সূত্ৰধৰ, চম্পক বৰবৰা, নিখিলেশ্বৰ বৰুৱা, ইচফাকুৰ ৰহমান, সমীন্দ্ৰ হুজুৰী, শঙ্কৰ শইকীয়া, প্ৰণৱজ্যোতি ডেকা, নৰেন পাটগিৰি, মহেশ ভট্টাচাৰ্য, দীপাঙ্ক হাজৰিকা, পুৰৱী শইকীয়া, তন্মনা চৌধুৰী প্ৰমুখ্যে বহু বিশিষ্ট শিল্পী, সাহিত্যিক, সমাজকৰ্মী আৰু বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰে।