অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ

সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্বনে অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ কৰিছে। তিনিওটা ভাষাত উপলভ্য সমূহ তথ্য অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিছে। ছাত্র-ছাত্রী, গবেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব।

১০ হাজাৰতকৈ কম মানুহে ব্যৱহাৰ কৰা ইউনেস্কোই অতি বিপন্ন ভাষা হিচাপে স্বীকৃতি দিয়া খাময়াং,টাই ফাকে আৰু চিংফৌ ভাষা তিনিটা বাচি লোৱা হৈছিল সংৰক্ষণ  বাবে। এই তিনিটা ভাষাৰ খাময়াং ভাষা ভাষী লোক তিনিচুকীয়া, শিৱসাগৰ আৰু গোলাঘাটত  প্ৰায় ১০০০-১৪০০ আছে। টাই ফাকে তিনিচুকীয়া আৰু ডিব্ৰুগড় প্ৰায় ২০০০ মান আছে আৰু চিংফৌ ভাষা ভাষী লোক তিনিচুকীয়াত প্ৰায় ৯০০০ আছে।এই ভাষা তিনিটা ভাষাৰ ভিতৰত অতি বিপদাপন্ন হৈছে খাময়াং। এই খাময়াং ভাষা ক’ব , লিখিব আৰু পঢ়িব জনা এজনে ব্যক্তি জীয়াই আছে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *