পৰম্পৰা ভংগ কৰি প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত উত্তোলন কৰি গণৰাজ্য দিৱসৰ পতাকা। পুৱাৰ ভাগত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত চাৰিটা গুৰুত্বপূৰ্ণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।গণৰাজ্য দিৱসতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ ৰাইজক উপহাৰ দিলে চাৰিখনকৈ উৰণ সেতু।
মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ অতি গুৰুত্বপূৰ্ণ চাৰিখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড়ৰ মানকটা পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত মুখ্যমন্ত্রীয়ে চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্রীয়ে আমোলাপট্টি চাৰিআলি উৰণ সেতু, মানকটা পথৰ উৰণ সেতু, পুৰণি ৩৭ নং ঘাইপথৰ সংযোগস্থলৰ উৰণ সেতু আৰু লেজাই কলাখোৱা পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে।