পৰম্পৰা ভংগ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। আনহাতে, ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ খেলপথাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি পতাকা উত্তোলন কৰে।
ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰে। তেওঁ কয় যে ডিব্রুগড় প্রশাসনিক আৰু বাণিজ্যিকভাৱে এখন শক্তিশালী চহৰ হিচাপে গঢ়ি উঠিছে। ডিব্ৰুগড়ৰ দৰে এখন ঐতিহাসিক চহৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকাৰ উত্তোলন কৰিবলৈ পাই নিজে গৌৰাম্বিত। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে এয়াই প্রথম খোজ।
তেওঁ লগতে কয় যে ডিব্ৰুগড়ে ৰাজ্যখনক অর্থনৈতিক আৰু সাংস্কৃতিকভাৱে প্ৰতিনিধিত্ব কৰে। ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিবেশন অনুষ্ঠিত হ’ব। অহা বছৰ ডিব্ৰুগড়ত অসম বিধানসভাত স্থায়ী ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ব। অহা তিনি বছৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰ হৈ উঠিব।